anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষকালীন অধিবেশনৰ দ্বিতীয় দিনটোত অনাস্থা সন্দৰ্ভত আলোচনা কৰাৰ সময়ত গো হত্যা ৰোধ কৰাৰ নামত দেশত সংঘটিত গণপ্ৰহাৰ আৰু হত্যাকাণ্ড সন্দৰ্ভত উত্তাল পৰিবেশৰ সৃষ্টি হয়। 

গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল। তাৰ কেইটামান ঘণ্টাৰ পিছতে দেশত পুনৰাই গো হত্যা ৰোধ কৰাৰ নামত সংঘটিত হিংসাৰ ঘটনাৰ বলি হৈ এগৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হয় ৰাজস্থানত।

ৰাজস্থানৰ ৰামগড়ৰ লাল্লাবৰীত শুকুৰবাৰে নিশা আকবৰ খান নামৰ এগৰাকী লোকক গৰু খেদি নি থকাৰ সময়তে একাংশ লোকে আক্ৰমণ কৰে। জানিব পৰা মতে, আকবৰ খান নামৰ লোকজনে গৰু খেদি নি থকাৰ সময়ত একাংশ লোকে তেওঁক ৰখাই বিভিন্ন প্ৰশ্ন কৰিবলৈ ধৰে। তাৰ পিছত মাৰধৰ কৰি ৰাজপথত পেলাই থৈ যায় লোকজনক। আৰক্ষী ঘটনাস্থলিত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়। 

হাৰিয়ানাৰ কোলগাঁৱত ঘৰ বুলি জানিব পৰা গৈছে আকবৰৰ। আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ'ব বুলি কয় আৰক্ষীয়ে। ইয়াৰ পূৰ্বে ২০১৭ চনত অলবাৰত পহলু খান নামৰ লোকক হত্যা কৰিছিল একাংশ লোকে। গাখীৰৰ ব্যৱসায় কৰা পেহলু খানে গাই কিনি ঘৰলৈ নি থকাৰ সময়তে একাংশ লোকে ৰাজস্থানৰ আলবৰত আক্ৰমণ কৰি হত্যা কৰিছিল।