News Next One , বিশ্বনাথ চাৰিআলি , ৪ আগষ্ট ঃ সদৌ অসম চাওঁতাল মাঝি মণ্ডল কেন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে অহা ৯ আগষ্ট তাৰিখে পালন কৰিবলগীয়া " বিশ্ব আদিবাসী দিৱস " আৰু ২৫ আগষ্ট তাৰিখে " গোপীনাথ মাৰ্ডীৰ স্মৃতি দিৱস"টি প্ৰত্যেক গাওঁৰ "মাঝি থান " আৰু "জাহেৰ থান"ত সদৌ অসম চাওঁতাল মাঝি মণ্ডল কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত জিলা আৰু আঞ্চলিক সমিতিৰ লগতে গাওঁৰ " মাঝি বাবা" সকললৈ ক’ভিডৰ নীতি নিয়ম মানি অনুষ্টুপীয়াকৈ অনুষ্ঠান সুচী পালন কৰিবৰ বাবে অনুৰোধ জনাই লগতে অনুষ্ঠানসুচীৰ ফটোও কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিবৰ বাবে আহ্বান জনাইছে সদৌ অসম চাওঁতাল মাঝি মণ্ডল কেন্দ্ৰীয় সমিতিৰ সভাপতি/ সম্পাদক ক্ৰমে সুনীল হেমৰম আৰু মহেশ্বৰ মুৰ্মুয়ে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৷