গুৱাহাটীঃ নতুন ইতিহাস ৰচনা কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে Advantage Assamৰ Global Investor Summit অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে যদিও সময়েহে ক’ব কিমান দূৰ সফল হ’ব চৰকাৰ৷ কিন্তু এয়া সত্য যে এক নতুন জাক জমক পৰিস্থিতিৰ সাক্ষী হৈ ৰ’ব ৰাজ্যবাসী৷

ইয়াৰ পূৰ্বে হয়তো কোনো চৰকাৰে এনেদেৰ গুৱাহাটী মহানগৰীক সজাই পৰাই তোলা নাছিল৷ ৰাজ্য চৰকাৰে ইতিহাস সৃষ্টি কৰিব খুজি বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰীক ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীত একত্ৰিত কৰি অসমৰ বাণিজ্যিক পৰিস্থিতিৰ সৈতে মুখামুখি কৰাৰ চেষ্টা চলাইছে৷ কিন্তু কিমান দূৰ সফল হ’ব সেয়া সময়েহে কব৷

Advantage Assamৰ Global Investor Summitত বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰী তথা উদ্যোগপতিক আমন্ত্ৰণ কৰিছে ৰাজ্য চৰকাৰে আৰু শনিবাৰে বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰী তথা উদ্যোগপতিসকল অসমত ভৰি থব৷ অসম মন্ত্ৰী সভাৰ কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে ইতিমধ্যে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশ ভ্ৰমণ কৰি দেশ সমূহৰ বিনিয়োগকাৰীক অসমলৈ আহি বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনাই আহিছে৷

বিনিয়োগকাৰীসকলেও অসমলৈ আহিবলৈ আগ্ৰহী বুলি কোৱাৰ কথা মন্ত্ৰীসকলে প্ৰকাশ কৰিছিল৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰীসকলে বিদেশ ভ্ৰমণ কৰি অহাৰ পিছতে মুখ্যমন্ত্ৰীয়ে সাজু হয় Global Investor Summitৰ বাবে৷ তাৰ পিছৰে পৰা ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া Advantage Assamৰ প্ৰস্তুতি অব্যাহত আছে৷ ৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া Advantage Assamশীৰ্ষক Global Investor Summit মহানগৰীৰ সৰুসজাই ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

ইতিমধ্যে ষ্টেডিয়ামক বিভিন্ন লাইটেৰে, আলোক সজ্জাৰে সজাই তোলা হৈছে৷ ৰং, বিৰঙৰ আলোক সজ্জাৰে জিলিকি উঠিছে সমগ্ৰ মহানগৰী৷ মহানগৰীৰ প্ৰতিটো বিদ্যুৎৰ খুঁটাত তলৰ পৰা ওপৰলৈ ৰং-বিৰঙৰ লাইট গাঠি দি পথ পোহৰাই তুলিছে চৰকাৰে৷ অসমৰ সম্পদক পূঁজিপতিৰ হাতত গতাব ওলোৱা বুলি ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্মিলনৰ বিৰোধীতা কৰি অহাৰ সময়তে শনিবাৰে বিনিয়োগ মেলাৰ উদ্বোধন কৰাৰ বাবে গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

অনুষ্ঠানত ভূটানৰ প্ৰধানমন্ত্ৰীদাছো টি চাৰিং ট’বগে, ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়’নাপো ডামচো দৰ্জী, অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰী লিঅ’নাপো লিকই দৰ্জী, বাংলাদেশৰ উদ্যোগ মন্ত্ৰী আমিৰ হুছেইন আমু, উচ্চ প্ৰশাসনিক বিষয়া ছৈয়দ মোৱাজিম আলি, কম্বোডিয়াৰ বৈদেশিক মন্ত্ৰী থঙ খুনৰ লগতে আমেৰিকা, ভিয়েটনাম, আৰৱ, নেপাল, কোৰিয়া, জাপান, ইজৰাইল, ইণ্ডোনেচিয়া, জাৰ্মানী, চেক গণৰাজ্য আৰু কানাডাৰ ৰাষ্ট্ৰদূত, উচ্চ প্ৰশাসনিক বিষয়া উপস্থিত থাকিব।

পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় ঔদ্যোগিক বাণিজ্য  মন্ত্ৰী সুৰেশ প্ৰভূ, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজু, বস্ত্ৰ বিভাগৰ মন্ত্ৰী স্মৃতি ইৰাণী, মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকিব। দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন তাতা, মুকেশ আম্বানী, আনন্দ বৰ্মন, সুশীল গোৱেংকা আদি উপস্থিত থাকিব।

আনহাতে গুৱাহাটীৰ ৰাজপথ চীনা সামগ্ৰী তথা বিভিন্ন ৰং-বিৰঙৰ লাইটেৰে সজোৱা বুলি অভিযোগ উঠিছে। গুৱাহাটী মহানগৰক সাজি-কাচি তুলিছে ৰাজ্যৰ প্ৰশাসনে৷ সু-সজ্জিত কৰি তোলা মহানগৰীত দেশ-বিদেশৰ বিনিয়োগকাৰীসকলৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ গ্ৰহণ কৰাৰ বিশেষ ব্যৱস্থা কৰিছে প্ৰশাসনে৷

ৰাজ্যৰ উদ্যোগ খণ্ডক নতুন গতি দিবলৈ সৰ্বানন্দ সোণোৱালে সংকল্প গ্ৰহণ কৰি সকলোকে অসমলৈ আহি বিনিয়োগ কৰিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসমৰ উদ্যোগ, বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে Advantage Assamৰ Global Investor Summit অনুষ্ঠিত কৰাৰ বাবে ৰাইজ, সংবাদ মাধ্যম তথা জাতীয় সংগঠনৰ সহায়ৰ অাহ্বান জনায় অন্তিম দিনটোত ৰাইজে Advantage Assamৰ Global Investor Summitক ৰাইজে প্ৰৱেশ কৰিব পাৰিব বুলি ঘোষণা কৰে৷

আনহাতে জিএমডিৰ লগতে গড়কাপ্তানী বিভাগকো দলং, স্মাৰক সৌধ তথা গুৱাহাটীৰ প্ৰধান পথসমূহ আলোক সজ্জাৰে সু-সজ্জিত কৰাত ব্যস্ত হৈ পৰা দেখা গৈছে৷ মুঠৰ ওপৰত শনিবাৰে আৰু দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সমাৰোহক লৈ ৰাজ্যৰ প্ৰশাসন খুবেই ব্যস্ত হৈ পৰিছে৷