ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী, কেইবাখনো দেশৰ নেতা, বিনিয়োগকাৰীৰ উপস্থিতিত শনিবাৰৰ পৰা ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে Advantage Assamৰ Global Investor Summit৷ ১৬০ খন MoU স্বাক্ষৰ হ'ব লগা Advantage Assamৰ বাবে অসম ভৰি পৰিছে দেশী-বিদেশী আলহীৰে৷ শনিবাৰে পুৱা ১১ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে খানাপাৰাত উপস্থিত হয়৷

তাৰ পিছতেই সৰুসজাইলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী৷ এডভাণ্টেজ আচামৰ প্ৰদৰ্শনস্থলীত মোডীয়ে বাহ-বেতৰ সামগ্ৰী পৰ্যবেক্ষণ কৰে৷ দেশী-বিদেশী আলহী অহাৰ পূৰ্বে চৰকাৰে গুৱাহাটী মহানগৰীক সজাই পৰাই তোলা৷ ৰাজ্য চৰকাৰে ইতিহাস সৃষ্টি কৰিব খুজি বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰীক ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীত একত্ৰিত কৰি অসমৰ বাণিজ্যিক পৰিস্থিতিৰ সৈতে মুখামুখি কৰাৰ চেষ্টা চলােৱাৰ সময়তে গুৱাহাটী মহানগৰীৰ একাংশ বিদ্যালয় শনিবাৰে বন্ধ থকা দেখা যায়৷

জানিব পৰা মতে, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ কেইবাখনো বিদ্যালয় চৰকাৰে শনিবাৰৰ দিনটো বন্ধ ৰখাৰ নিৰ্দেশ দিয়া বুলি প্ৰচাৰ হৈছিল৷ মহানগৰীৰ সৰুসজাই স্কুলৰ আশে-পাশে থকা তথা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু নিলগত থকা ৰয়েল গ্ল’বেল স্কুল, ডিপিএছ, নেছনেল পাব্লিক স্কুল শনিবাৰে বন্ধ থকা দেখা যায়৷ বিদ্যালয়সমূহত পৰীক্ষা চলি আছিল পৰীক্ষা পিছুৱাই দিয়া বুলি জানিব পৰা গৈছে৷

ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা Advantage Assamৰ ৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব৷ Advantage Assamশীৰ্ষক Global Investor Summitৰ বাবে মহানগৰীৰ সৰুসজাই ইন্দিৰা গান্ধী ষ্টেডিয়াম বিভিন্ন লাইটেৰে, আলোক সজ্জাৰে সজাই তোলা হৈছে৷ ৰং, বিৰঙৰ আলোক সজ্জাৰে জিলিকি উঠিছে সমগ্ৰ মহানগৰী৷ মহানগৰীৰ প্ৰতিটো বিদ্যুৎৰ খুঁটাত তলৰ পৰা ওপৰলৈ ৰং-বিৰঙৰ লাইট গাঠি দি পথ পোহৰাই তুলিছে চৰকাৰে৷

অসমৰ সম্পদক পূঁজিপতিৰ হাতত গতাব ওলোৱা বুলি ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্মিলনৰ বিৰোধীতা কৰি অহাৰ সময়তে শনিবাৰে বিনিয়োগ মেলা উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অনুষ্ঠানত ভূটানৰ প্ৰধানমন্ত্ৰী দাছো টি চাৰিং ট’বগে, ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়’নাপো ডামচো দৰ্জী, অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰী লিঅ’নাপো লিকই দৰ্জী, বাংলাদেশৰ উদ্যোগ মন্ত্ৰী আমিৰ হুছেইন আমু, উচ্চ প্ৰশাসনিক বিষয়া ছৈয়দ মোৱাজিম আলি, কম্বোডিয়াৰ বৈদেশিক মন্ত্ৰী থঙ খুনৰ লগতে আমেৰিকা, ভিয়েটনাম, আৰৱ, নেপাল, কোৰিয়া, জাপান, ইজৰাইল, ইণ্ডোনেচিয়া, জাৰ্মানী, চেক গণৰাজ্য আৰু কানাডাৰ ৰাষ্ট্ৰদূত, উচ্চ প্ৰশাসনিক বিষয়া উপস্থিত থাকে।

পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় ঔদ্যোগিক বাণিজ্য  মন্ত্ৰী সুৰেশ প্ৰভূ, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজু, বস্ত্ৰ বিভাগৰ মন্ত্ৰী স্মৃতি ইৰাণী, মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকিব। দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন তাতা, মুকেশ আম্বানী, আনন্দ বৰ্মন, অজিত সিং, সুশীল গোৱেংকা আদি উপস্থিত হয়।