newsnextone.com গুৱাহাটীঃ যোৱা ১৬টা দিনত অলপ অলপকৈ পেট্ৰলৰ মূল্য বৃদ্ধি কৰি মঙলবাৰে প্ৰতি লিটাৰত ৮০.৬৬ টকা হয়৷ কিন্তু বুধবাৰে পুৱাই যেন দেশৰ চৰকাৰে বহুত ডাঙৰ খবৰটো দিলে৷ কেৱল ডাঙৰ খবৰটোৱে নহয় যেন জনগণৰ বাবে ডাঙৰ কিবা এটা কৰিলে চৰকাৰে৷ চৰকাৰে পেট্ৰলৰ দাম কমালে৷ লগে লগে ছচিয়েল মিডিয়াত চৰ্চা হ’ল৷ একাংশ কলে ধৈৰ্য ধৰক লাহে লাহে কমি আহিব পেট্ৰলৰ দাম৷ 

আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বঢ়াৰ বাবেহে দাম বঢ়াইছে চৰকাৰে৷ মোডীয়ে সোনকালে দাম কমাব৷ প্ৰশংসা আৰু আনন্দ দুয়োটাই সমানে কৰা হ’ল৷ কিন্তু অচ্ছে দিন আনিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰে কিমান কমালে৷ খবৰ ওলাল মাথো ৬৩ পইচা কমাই দিছে৷ তাৰ দ্বাৰা চৰকাৰে বাঃ বাঃ লবলৈ চেষ্টা কৰে৷ কিন্তু কিছু সময় পাছতে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান এএনআইয়ে দিলে প্ৰকৃত খবৰটো৷ আচলতে পেট্ৰলৰ দাম ১ পইচাহে কমিছে৷ 

জনগণৰ সৈতে ইয়াতকৈ আৰু ধেমালি কি হ’ব পাৰে৷ ইতিমধ্যে ৰাইজে বিজেপিৰ পূৰ্বৰ শ্ল’গান সলনি কৰি ‘অব কি বাৰ দেশৰ জনতাক মাধমাৰ’ বুলি কব আৰম্ভ কৰিছে৷ ২০১৪ চনত লোকসভা নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে দিয়া প্ৰতিটো শ্ল’গান দেশৰ লোকে মনত পেলাবলৈ ধৰিছে৷ বিদেশৰ বেংকৰ পৰা কলা ধন আনি ১৫ লাখকৈ প্ৰতিটো পৰিয়ালৰ একাউণ্টত সোমাই দিয়া, অচ্ছে দিন, মূল্যবৃদ্ধি ৰোধ আদি শ্ল’গান মনত পেলাবলৈ ধৰিছে ৰাইজে৷

যোৱা লোকসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলেও জনগণক মাধমাৰ শোধাই আহিছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মাধমাৰে ৰাইজক এতিয়া সৰিয়হৰ ফুল দেখুৱাইছে৷ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ লোকে এতিয়া জীৱন ধাৰণৰ বাবে যুদ্ধ কৰিব লগা হৈছে৷ বিশেষকৈ যোৱা এমাহত নিতৌ অলপ অলপ কৈ মূল্যবৃদ্ধি হৈ ৮০ৰ ঘৰ পাৰ কৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্যই৷

ৰাইজক ৰামটাঙোন দি মোডী চৰকাৰে পেট্ৰলৰ দাম বৃদ্ধি কৰি অভিলেখ ভংগ কৰি পৰিৱৰ্তন আনিলে বুলি ৰাইজে কবলৈ বাধ্য হৈছে৷ আমাক ৰামটাঙোন দিছে মোডীয়ে৷ মোডীয়ে এতিয়া এনেদৰেই পৰিৱৰ্তন কৰা বুলি ধৰি লব লাগিব বুলি ৰাইজে কবলৈ বাধ্য হৈছে৷ সোমবাৰে অসমত ৮০.৪৯ আছিল পেট্ৰলৰ দাম৷ মঙলবাৰে ১৭ পইচা বৃদ্ধি হৈ মঙলবাৰে পুৱাৰে পৰা প্ৰতিলিটাৰ পেট্ৰ’লত ৮০.৬৬ টকাকৈ বিক্ৰী হৈছে৷ বুধবাৰে প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৮০.৬০ টকাকৈ বিক্ৰী হৈছে৷