ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ৰাজ্যৰ যুৱক সকলক চাকৰিৰ পিছত নালাগি গাই গৰু পালন কৰিবলৈ দিয়া পৰামৰ্শত সমৰ্থন জনাইছে কেইবাগৰাকীও লোকে৷ বিভিন্ন বিতৰ্কজনক মন্তব্য প্ৰদান কৰি হাঁহিয়াতৰ পাত্ৰ হোৱা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে যুৱকসকলক উদ্দেশ্যি প্ৰদান কৰা এই পৰামৰ্শ কিন্তু অধিক ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে কেইবাগৰাকীও প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে৷ 

গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচন (জিচিএমএমএফ)ৰ প্ৰধান আৰ এছ সুধীয়ে মঙলবাৰে বিপ্লৱ দেৱৰ সমৰ্থনত মন্তব্য কৰি কয় যে যুৱকসকলে চৰকাৰী চাকৰিৰ পিছত দৌৰি সময় নষ্ট কৰাতকৈ দুগ্ধ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰে৷ 

জিচিএমএমএফৰ ব্যৱস্থাপনা পৰিচালক সুধীয়ে ‘আমূল’ নামেৰে ৰাষ্ট্ৰীয় বজাৰত গাখীৰ বিক্ৰী কৰে৷ তেওঁ যুৱকসকলক ব্যৱসায়ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কয় যে দুগ্ধ শিল্প খুৱ লাভজনক৷ এই ব্যৱসায়ৰ জৰিয়তে বহু কেইগৰাকী শিক্ষিত যুৱক আৰ্থিকভাৱে স্বচ্ছল হ’ব পাৰিছে৷ উল্লেখ্য যে, জিচিএমএমএফ নামৰ গাখীৰ উৎপাদন সংস্থাটোৱে বছৰি ৪০,০০০ কোটি টকাৰ লেনদেনেৰে ভাৰতৰ বৃহত্তম খাদ্য পন্য বিপনন প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷  

সম্প্ৰতি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে যুৱক সকলক গৰু, গাহৰি, হাঁহ, কুকুৰা আদি পালনৰ জৰিয়তে সংস্থাপন লাভ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল৷ বিপ্লৱ দেৱে কৈছিল যে চৰকাৰী চাকৰিৰ পিছত লাগি থাকি আধা সময় নষ্ট কৰাতকৈ গৰু, হাঁহ আদিৰ পৰাই উৎপাদন কৰিব পাৰি৷ মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতে বিভিন্নজনে মুখ্যমন্ত্ৰীগৰাকীক কটু সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে যুৱকসকলক চৰকাৰী চাকৰি প্ৰদান কৰিব নোৱাৰে বাবেই এনে মন্তব্য প্ৰদান কৰা বুলিও সমালোচকসকলে মন্ত্ৰীগৰাকীৰ মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰিছিল৷ 

কিন্তু বিপ্লৱ দেৱৰ মন্তব্যৰ সমৰ্থনত এতিয়া কেইবাগৰাকীও প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে৷ জিচিএমএমএফৰ প্ৰধান সুধীয়ে কয়, ‘‘বিপ্লৱ দেৱৰ মন্তব্য বাস্তৱসন্মত৷ কাৰণ ত্ৰিপুৰাই প্ৰতি বছৰে কোটি টকাৰ গাখীৰ আমদানি কৰিবলগীয়া হয়৷ ত্ৰিপুৰাৰ নাগৰিকৰ অন্য কৰ্মসংস্থাপনৰ ব্যৱস্থা খুৱেই কম৷ যদি পঞ্জাৱ আৰু গুজৰাটৰ শিক্ষিত যুৱকসকলে গো-পালনক বানিজ্যিকভাৱে সফল কৰি তুলিব পাৰে, তেন্তে ত্ৰিপুৰাৰ যুৱকসকলে এয়া কিয় কৰিব নোৱাৰে?’’  

‘‘কেৱল গুজৰাটতেই শিক্ষিত যুৱকসকলৰ দ্বাৰা পৰিচালিত প্ৰায় ৮০০০ খন বানিজ্যিক গাখীৰ উৎপাদন ফাৰ্ম আছে৷ দুগ্ধ উৎপাদনৰ ব্যৱসায়ত আপোনাক সহায় কৰিবলৈ ৰাজ্যত আৰু কেন্দ্ৰত কেইবাখনো আঁচনি আছে৷ গ্ৰামাঞ্চলত নিবনুৱা সমস্যা দূৰ কৰিবলৈ দুগ্ধ উৎপাদন খুৱেই ভাল ব্যৱসায়৷’’- বিপ্লৱ দেৱৰ সমৰ্থনত এনেদৰে মন্তব্য কৰে আৰ এছ সুধীয়ে৷ 

ইফালে এটা দিন পূৰ্বে সুধীয়ে বিপ্লৱ দেৱৰ সমৰ্থন জনাই টুইট যোগে কয়- ‘‘এয়া সম্পূৰ্ণ বাস্তৱ যে ত্ৰিপুৰা, গুজৰাট সহ দেশৰ অন্যান্য ৰাজ্য সমূহেও বছৰি কোটি কোটি টকাৰ পণ্য গাখীৰ আমদানি কৰি আহিছে৷ কিন্তু দুগ্ধ ফাৰ্ম খুলি এজন যুৱকে বেংকৰ পৰা ঋণ লাও যদি ব্যৱসায় আৰম্ভ কৰে, তেন্তে বছৰত ৬-৭ লাখ টকা সহজেই উপাৰ্জন কৰিব পাৰে৷ সদ্যহতে গুজৰাটত ৮০০০ খনৰো অধিক এনে ফাৰ্ম আছে৷’’