anitwitter
anitwitter

newsnextone.com | গুৱাহাটীঃ অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৱে এখন পত্ৰ যোগে পূৰ্বৰ দৰেই ;চালানী মাছ লবলৈ আহ্বান জনায়। এখন পত্ৰ যোগে মেঘালয়, নগালেণ্ড আৰু অসম চৰকাৰক পূৰ্বৰ দৰেই মাছ পুনৰ কিনিবলৈ আহ্বান জনােৱাৰ লগতে সতেজ আৰু কোনো বিষাক্ত দ্ৰব্য মিহলি নথকা মাছ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে পৰীক্ষা নিৰীক্ষা কৰি মাছৰ যোগান ধৰা হৈছে।

উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা আমদানিকৃত চালানী মাছত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতি পোৱাত ৰাজ্য চৰকাৰে অসমত দহ দিনৰ বাবে চালানী মাছৰ বিক্ৰী নিষিদ্ধ কৰাৰ ফলত সৰ্বতে অভাৱনীয় সমস্যাৰ সৃষ্টি হৈছিল৷ চালানী মাছৰ বিক্ৰীত সতৰ্কতা সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰে মাছৰ বিক্ৰী বন্ধ কৰাত ক্ৰেতা-বিক্ৰেতাৰ মাজত একপ্ৰকাৰ হাহাকাৰ লাগিছিল। কিন্তু অৱশেষত মাছত ফৰ্মেলিন পোৱা বুলি কৰা প্ৰচাৰৰ পিছতে কৰা পৰীক্ষাৰ অন্তত কোনো বিষাক্ত দ্ৰব্য নাই বুলি কোৱাত চৰকাৰে পুনৰ চালানী মাছ বিক্ৰীৰ নিৰ্দেশ দিয়ে।