News Next One , বিশ্বনাথ চাৰিআলি , ১৩ আগষ্ট ঃ

বালিপাৰা লখৰা স্থিত ১৭ নং আসাম ৰাইফলচে দেশৰ প্ৰতি কাম কৰাৰ সজাগতাৰে দুদিনীয়া কাৰ্যসূচীৰে এক চাইকেল ৰেলী উলিয়াই ৷

যোৱা ১২ আগষ্ট তাৰিখে ঢেকিয়াজুলিৰ পৰা ৩১ জন জোৱানে চাইকেলেৰে এই ৰেলী আৰম্ভ কৰা আজি ৰাতিপুৱা ৭ বজাত বিশ্বনাথ চাৰিআলি চহৰত উপস্থিত হৈ বুঢ়ীগাং স্থিত চি আৰ পি এফ কেম্পত আহি ৰয় । আৰু গহপুৰ অভিমুখে পুনৰ যাত্ৰা কৰে ৷

এই ৰেলীৰ উদ্দেশ্য মুখ্যতঃ শ্বহীদ কনকলতা বৰুৱাই দেশৰ কাৰণে যি দৰে কাম কৰি প্ৰাণ আহুতি দি গ’ল সেইদৰে "আজাদী কা অমৰোত মহোৎসৱ" দ্বাৰা ৰাইজৰ মাজত সজাগতাৰে দেশৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে ৷

সেই উদ্দেশ্যৰে আজি এই চাইকেল ৰেলী উলিয়াই বুলি জানিব পৰা গৈছে ৷ ইফালে জোৱান সকলৰ এই অভিযান ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গহপুৰত এই ৰেলীৰ সফল সামৰণি পৰিব বুলি অসম ৰাইফলচৰ জেষ্ঠ বিষয়াই জানিবলৈ দিয়ে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ