NewsNextOne.com || ডিজিটেল ডেস্ক: 
পৰম্পৰাগত নীতি-নিয়ম অনুসৰি শেষকৃত্য সম্পন্ন হ’ল যুগদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীৰ ৷ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় স্মৃতিস্থলত  সকলোৰে উপস্থিতিত শেষকৃত্য সম্পন্ন হ’ল জননেতাগৰাকীৰ ৷

জনসমুদ্ৰৰ পাৰ ভাঙি প্রিয়  জননেতাক চিৰ বিদায় জনালে দেশ-বিদেশৰ অগণন গুণমুগ্ধৰ লগতে দেশৰ নেতৃবৰ্গৰ আৰু  বহুকেইজন বিদেশৰ প্ৰতিনিধি উপস্থিত থাকে । ৰাষ্ট্ৰীয় নেতাগৰাকীৰ মুখাগ্নি কৰিলে কন্যা নমিতা ভট্টাচাৰ্যই ৷ 

চুবুৰীয়া দেশ নেপাল, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তানৰ প্ৰতিনিধি তথা মন্ত্ৰী উপস্থিতিৰ লগতে  ভূটানৰ ৰজাই অন্তিম  শ্ৰদ্ধাঞ্জলি জনায় ৷ দক্ষিণ-পূব এছিয়াতো জননেতা গৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে ৷ জননেতাৰ মহাপ্ৰস্থানক লৈ দেশৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি  জনোৱা হয় ৷ ৰাষ্ট্ৰীয় স্মৃতিস্থলক অটলঘাট নামেৰে নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰা হৈছে ।