কামপুৰঃ উজনি-নামনি-বৰাক উপত্যকাৰ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিব পাৰিছেনে৷ আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-গঁড় হত্যা হৈ থকাৰ লগতে সেউজীয়া পাহাৰ, নৈৰ বালি কাটি আজিও ব্যৱসায় চলাই গৈছে একাংশ লোকে৷

ৰাজ্যৰ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে যেন অবৈধ বালিৰ ব্যৱসায় তথা বনজ সম্পদ ধ্বংস কৰিবলৈহে কঁকালত টঙালি বান্ধিছে৷ নদীৰ  গৰাখহনীয়া সমস্যা, বানপানীৰ সমস্যা আদি জলন্ত সমস্যাসমূহ চৰকাৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ বিপৰীতে একাংশ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতি কাৰ্যত লিপ্ত হোৱাহে পৰিলক্ষিত হৈছে৷

ৰাজ্যৰ বিজেপি চৰকাৰৰ দুমুখীয়া নীতিয়ে বিবোধিত পেলাইছে ৰাইজক ৷ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দি অহাৰ বিপৰীতে বিভিন্ন ঠাইত     বালি মহলৰ অনুমোদন দি সৰ্বসাধাৰণ ৰাইজক সমস্যাৰ গৰাহত পেলাইছে ৰাজ্যৰ বন বিভাগে ৷ 

জানিবপৰা মতে কামপুৰ বন বিভাগৰ অন্তৰ্গত ১নং বৰচুঙৰ কপিলী নৈত বালি খনন কৰাৰ ফলত গৰা খহনীয়াই তীব্ৰ ৰূপ ধাৰন কৰিছে গাওঁখনত ৷ উক্ত মহলটো বন্ধ কৰিবলৈ দুবছৰ আগতেই বন বিভাগক আবেদন কৰিছিল স্থানীয় ৰাইজে ৷

বন বিভাগেও আশ্বাস দি কিছুদিন বন্ধ কৰিছিল বালি মহলটো ৷ কিন্তু পুনৰ বালি মহলটোৰ ৰাজহ লৈ বন বিভাগে মৃনাল কাকতি নামৰ এজন মহলদাৰক মহলটো চলাবলৈ অনুমতি দিয়াত জাঙুৰ খাই উঠে স্থানীয় লোক সকল ৷ যাৰ বাবে বৃহস্পতিবাৰে স্থানীয় ৰাইজে ক্ষোভিত হৈ বন্ধ কৰিলে কামপুৰ কপিলী নদীৰ ১নং বৰচুং বালিৰ মহল ৷ 

আনহাতে ঘটনাস্থলীত কামপুৰ বন বিষয়া ঘন হাজৰিকা উপস্থিত হৈ মহলটো চলাএ যাবৰ বাবে ৰাইজক বুজনি দিয়ে যদিও কোনো কাৰণত বালি মহল চলিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷