newsnextone.com | ডিজিটেল ডেস্কঃ লোকসভাত শুকুৰবাৰে বিৰোধী দলে অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰু ভোটদান অনুষ্ঠিত হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ প্ৰথমবাৰৰ বাবে টিডিপি সহ দেশৰ মুঠ প্ৰায় ১৬টা বিৰোধী দলে অবিশ্বাস প্ৰস্তাৱৰ আনিছে। শুকুৰবাৰে এই বিষয় আলোচনা হোৱাৰ লগতে আস্থা ভোট অনুষ্ঠিত হ’ব৷ তাৰ পূৰ্বে বিৰোধী দল আৰু শাসক দলৰ নেতাই এই বিষয়ত নিজ নিজ দলৰ মন্তব্য আগবঢ়াব৷ 

 

কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত লোকসভাত দীৰ্ঘ সময় ভাষণ প্ৰদান কৰি ভাষণ সামৰাৰ আগে আগে সংসদৰ ভিতৰতে নিজৰ আসনৰ পৰা আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আলিংগন কৰে৷ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে এনেদৰে উঠি আহি আলিংগন কৰাত সদনত অভাৱনীয় পৰিবেশৰ সৃষ্টি হয়৷ ৰাহুলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আলিংগন কৰি নিজ আসনত বহাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বহা আসনৰ ফালে চাই মিচিকিয়া হাঁহিৰে চকু টিপ মাৰে৷ ইয়াৰে লগে লগে বিৰোধীৰ দলৰ নেতাই ভাষণ সমাপ্ত কৰাৰ পিছতে সন্ধিয়া ৬ বাজি ৩০ মিনটত ভাষণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ 

আনহাতে বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰিব৷ ৰাহুলে ভাষণৰ প্ৰদান কৰাৰ সময়ত ৰাফেল ক্ৰয় চুক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ ৰাফেল চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীয়ে মূল্য সন্দৰ্ভত বঢ়াই কোৱা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে৷