News Next one , বিশ্বনাথ চাৰিআলি , ২৬ জুলাই ঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিয়ে এক সিদ্ধান্ত গ্ৰহণ কৰি ক'ভিড ভেকচিন কেন্দ্ৰত সৃষ্টি হোৱা বিসংগতি দূৰ কৰা আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে কভিড পৰিস্থিতিত বিদ্যুৎৰ বিল পৰিশোধ নকৰা গ্ৰামাঞ্চলৰ গ্ৰাহক সকলৰ বিৰুদ্ধে শেহতীয়াকৈ যি কঠোৰ স্হিতি গ্ৰহণ কৰিছে তাক শিথিল কৰাৰ দাবীত বিশ্বনাথ জিলাৰ উপায়ুক্তৰ লগতে বিশ্বনাথ জিলা বিদ্যুৎ সংমণ্ডল বিষয়া আৰু বিশ্বনাথ জিলাৰ ভেকচিন ব্যৱস্থাপনাৰ দায়িত্বত থকা স্বাস্থ্য বিষয়াক AJYCP_বিশ্বনাথ_জিলা সমিতিৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।

ইয়াৰ লগতে বিশ্বনাথ জিলাত যিহেতু বৰ্তমান কভিড পৰিস্থিতি কিছু উন্নত হৈছে ৷ সেয়েহে সাধাৰণ খাটি খোৱা ৰাইজৰ আৰ্থিক অসুবিধা প্ৰতি লক্ষ্য ৰাখি এতিয়া চলি থকা সম্পুৰ্ন কন্টেইনটমেন্ট জন'ৰ নীতি নিয়ম কিছু শিথিল কৰিবলৈ বিশ্বনাথ জিলাৰ উপায়ুক্ত গৰাকীলৈ অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ হৈ অনুৰোধ জনাই । কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ কেইবাগৰাকী
জেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ