News Next One , বিশ্বনাথ চাৰিআলি , ৩ আগষ্ট ঃ ৰাজ্যখনত নতুন SOP জাৰী কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ বিশ্বনাথতো নতুন SOP জাৰী কৰাত বিশ্বনাথ জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনাত জিলাখনৰ সকলো দোকান - পোহাৰ বাণিজ্যিক - প্ৰতিষ্ঠান চৰকাৰী - বেচৰকাৰী কাৰ্যালয় , ৰেষ্টুৰেণ্ট , ধাৱা , ভোজনালয় আদি দিনৰ ৪ বজালৈ খোলা ৰাখিব পাৰিব ৷

আনহাতে জিলাখনৰ দৈনিক আৰু সাপ্তাহিক বজাৰ , হাট লগতে সকলো মঠ , মন্দিৰ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব ৷ SOPৰ মতে জিলাখনত সন্ধিয়া ৫ বজাৰ পৰা পূৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব বুলি বিশ্বনাথ জিলা প্ৰশাসনে এক প্ৰেছ বিবৃতি যোগে জানিব দিয়ে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৷