News Next one , ২৯ জুলাই , বিশ্বনাথ চাৰিআলি ,
বিশ্বনাথ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অসম- মিজোৰামৰ সীমান্তত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ দলে কৰা বৰ্বৰ আক্ৰমনত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ ৬ বীৰ জোৱানলৈ আজি শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

শ্বহীদ সকলৰ আত্মাৰ সদগতিৰ কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনাই পুষ্পাঞ্জলি অৰ্পণ কৰা হয় । অনুষ্ঠানত বিশ্বনাথ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি দিলীপ বৰুৱাৰ নেতৃত্বত দলীয় সতীৰ্থ তথা জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ , উপৰিও সাকোমঠা ব্লক কংগ্ৰেছৰ সভাপতি ৰাম প্ৰসাদ বাগকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ ভাতৃ- ভগ্নী সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ