newsnextone.com | ডিজিটেল ডেস্কঃ এয়াৰ এছিয়াৰ বিমানত উদ্ধাৰ হোৱা কেচুৱটোক কাগজৰ টুকুৰাৰে মুখত সোপা দি হত্যা কৰা হৈছিল বুলি দিল্লী আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে সোধ-পোছৰ বাবে গ্ৰেপ্তাৰ কৰা মহিলাক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে দিল্লী আৰক্ষীয়ে।মহিলাগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ বুলি সন্দেহ কৰা হৈছে। 

ইপিনে সন্দেহজনক মাতৃক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কেচুৱাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। এয়াৰ এছিয়াৰ পৰিচালকে এটা বিবৃতি জাৰি কৰি এই সন্দৰ্ভত অৱগত কৰাৰ লগতে বিমানৰ সূচী সাল-সলনি কৰিব লগা হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰে।

উল্লেখ্য যে, এয়াক এছিয়াৰ বিমানত সদ্যোজাত কেচুৱা উদ্ধাৰ হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল বুধবাৰে। গুৱাহাটীৰ পৰা দিল্লী অভিমুখে উৰা মাৰা বিমানত দিল্লীৰ ইন্দিৰা গান্ধী বিমান বন্দৰত অৱতৰণ কৰাৰ পূৰ্বেই টয়লেটত উদ্ধাৰ হৈছিল সদ্যোজাত কেচুৱা। টয়লেট পৰীক্ষা কৰাৰ সময়তে বিমান সেৱকে প্ৰত্যক্ষ কৰে কেচুৱাটো। লগে লগে এই খবৰ আৰক্ষীক দিয়া হয় আৰু কেচুৱাটো উদ্ধাৰ কৰে যদিও মৃত আছিল।

ইতিমধ্য দিল্লী আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে কেচুৱাটো বিমানৰ ভিতৰত জন্ম পাইছিল সেই কথা থিৰাং কৰিছে। সন্দেহ কৰা লোকজনক ইতিমধ্যে সোধ-পোছ কৰাৰ লগতে ডাক্তৰৰ জৰিয়তে মহিলাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে। জানিব পৰা মতে বুধবাৰে দিনৰ ১ বজাত বিমান খনে প্ৰায় ৪৪গৰাকী যাত্ৰী লৈ বৰঝাৰ বিমান বন্দৰৰ পৰা উৰা মাৰিছিল আৰু প্ৰায় ৪ বজাত দিল্লীত উপস্থিত হৈছিল।