newsnextone.com | ডিজিটেল ডেস্কঃ ছট্টিছগড়ত নিৰাপত্তাৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰাৰ খবৰ আহিছে। দেওবাৰে নিশাৰে পৰা চলা অভিযান কালত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত তীব্ৰ সংঘৰ্ষ লাগে। ফলত ১৪ গৰাকী মাওবাদী নিহত হোৱাৰ খবৰ আহিছে। 

ছট্টিছগড়ৰ চুকমা আৰু গোলাপলী এলেকাত জংঘলত ইতিমধ্যে ১৪ গৰাকী মাওবাদীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়। বৰ্তমানেও সংঘৰ্ষ লাগি থকা বুলি জানিব পৰা গৈছে।