anitwitter
anitwitter

newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।তাৰ লগে লগে ৰাজনীতি হোৱাও পৰিলক্ষিত হৈছে৷ ইতিমধ্যে তৃণমূল কংগ্ৰেছে সদন উত্তাল কৰাৰ লগে লগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ সদনত বিৰোধী দলে ৪০ লাখ লোকক পৰিকল্পিত ভাৱে বাদ পেলোৱা বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰশ্নৰ উত্তৰ দি গৃহমন্ত্ৰী ৰাজনাথ সিঙে এনআৰচি উন্নীতকৰণত চৰকাৰৰ কোনো হাত নাই বুলি কৈ বিৰোধী দলে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে৷ 

তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বিষয়ত কংগ্ৰেছে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে গৃহমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰিছে এনআৰচি উন্নীতকৰণত চৰকাৰৰ কোনো ভূমিকা নাই। সকলো কাম উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হৈছে। যিখন খচৰা প্ৰকাশ হৈছে সেয়া চূড়ান্ত নহয়। ৰাইজে এতিয়াও আবেদন কৰিব পাৰিব৷ এই বিষয়ত বিৰোধী বিশেষকৈ কংগ্ৰেছে ৰাজনীতি কৰিছে৷