bengaluru-private-school-fees-burn-145133628.html

বৰপথাৰঃ ন’ ন’ আঁচনি ৰূপায়ণৰ জৰিয়তে, নতুন নতুন পদক্ষেপ গ্ৰহণেৰে ৰাজ্য চৰকাৰে যিমানেই শিক্ষাৰ ক্ষেত্ৰখনত উত্তৰণ ঘটাব বিচাৰিছে, সিমানেই কঠোৰ হৈ পৰিছে শিক্ষক-কৰ্মচাৰীসকলৰ নীতি-নিয়মসমূহ৷ দেশৰ শিক্ষা বিভাগে বৰ্তমান শিক্ষকতা বৃত্তিটোত জড়িত হ’ব পৰাকৈ  ডিগ্ৰী-ডিপ্ল’মা অনিবাৰ্য্য কৰিছে৷ যাৰ পৰিপেক্ষিতত পূৰ্বৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও পুনৰ গ্ৰহণ কৰিবলগীয়া হৈছে শিক্ষাৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ অৰ্হতা৷

এই অৰ্হতা ল’বলৈ যাওঁতে শিক্ষক-শিক্ষয়িত্ৰীসকলে বহুতো সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে৷ উল্লেখ্য যে, শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ এক নিৰ্দেশনা অনুসৰি দেশৰ অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী সকলক শিক্ষাৰ ডিপ্ল’মা পাঠ্যক্ৰম (ডি,এল,এড) অৰ্হতা অহা দুটা বছৰৰ ভিতৰত সম্পন্ন কৰিবৰ বাবে ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে আহ্বান জনায়৷

সেই মৰ্মে অসমৰ বহুতো অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থা চমুকৈ NIOS-ত নামভৰ্ত্তি কৰে৷  কিন্তু উক্ত শিক্ষা সংস্থাটোৰ অবিবেচকী কৰ্ম কাণ্ডই বহুতো শিক্ষক-শিক্ষয়িত্ৰীক বাৰুকৈয়ে বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে৷

জানিব পৰা মতে, উক্ত শিক্ষা সংস্থাটোত নামভৰ্ত্তি কৰা অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী অধ্যয়নৰ বাবে যিসমূহ অধ্যয়ন কেন্দ্ৰ নিৰ্দিষ্ট কৰি দিছে, উক্ত কেন্দ্ৰ সমূহ তেওঁলোকৰ কৰ্মস্থলীৰ পৰা ১০০-১৫০ কিঃমিঃ দূৰত্ব ৷ যাৰ ফলত কেন্দ্ৰসমুহত গৈ অধ্যয়ন কৰাটো একাংশ শিক্ষক-শিক্ষয়িত্ৰী অসুবিধাৰ সন্মুখীন হৈছে ৷

ভুক্তভোগী একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে NIOS ৰ বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে যদিও তাৰ একো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

যিহেতু কৰ্মস্থলীৰ পৰা ইমান অধিক দূৰত গৈ অধ্যয়ন কৰাটো কোনো কাৰণতেই সম্ভৱ নহয়, যাৰ বাবে ভুক্তভুগী শিক্ষক-শিক্ষয়িত্ৰী সকলে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপৰ আহ্বান জনোৱাৰ লগতে, সকলোবিলাক অপ্ৰশিক্ষনপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক কৰ্মৰত নিজ নিজ এলেকাৰ ব্ল’কৰ ভিতৰতে তেওঁলোকৰ অধ্যয়ন কেন্দ্ৰসমূহ দিবৰ বাবে অনুৰোধ জনায়৷