ঢেকীয়াজুলি: মুছলিম ছাত্ৰ সন্থাৰ সভাপতিৰ অব্যাহতি উঠাই ললে সংগঠনটোৱে। সংগঠনটোৰ উপ সভাপতি আব্দুল ৰহমান আৰু শিক্ষা সম্পাদক চামচুল হকে এক বিবৃতিত এই কথা প্ৰকাশ কৰি কয় যে, মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দীনক সংগঠনটোৰ সভাপতিৰ দ্বায়িত্বৰ পৰা যোৱা ৮ ফেব্ৰুৱাৰীত ২০১৮ তাৰিখে অব্যাহতি দিয়া হৈছিল যদিও সংগঠনটোৰ নেতাসকলে আজি ঢেকীয়াজুলিত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত মিলিত হৈ অব্যাহতি উঠাই লয়।

এই কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত অনুসৰি জালাল উদ্দীনক পুনৰবাৰ মুছলিম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰে।

আনহাতে মুছলিম ছাত্র সন্থাৰ উপ সভাপতি আব্দুৰ ৰৌফে কেইদিনমান পূৰ্বে তেওঁৰ ব্যক্তিগত অসুবিধাৰ কাৰণ দেখুৱাই সংগঠনটোৰ পৰা পদত্যাগ পত্ৰ যোগে পদত্যাগ কৰাৰ কথা সংগঠনটোক জনাইছিল যদিও আজিৰ সভাই উপ সভাপতি আব্দুৰ ৰৌফৰ পদত্যাগ পত্ৰটো গ্রহণ কৰা নাই । আজিৰ সভাই উপ সভাপতি আব্দুৰ ৰৌফক পুৰ্বৰ দৰে সাংগঠনিক কামকাজ কৰি যাবলৈ আহ্বান জনায়।

মুছলিম ছাত্র সংস্থাৰ উপ সভাপতি আব্দুল ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কেন্দ্ৰীয় সমিতিৰ মূখ্য উপদেষ্টা বদৰুল ইছলাম, উপ সভাপতি ক্রমে আব্দুল ৰহমান, আব্দুৰ ৰৌফ, জববৰ আলী, সম্পাদক মইনুল হক চৌধাৰী, আতাউৰ ৰহমান, কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক চামচুল হকৰ লগতে বহুকেইজন সদস্য সভাত উপস্থিত থাকে।