newsnextone.com | গুৱাহাটীঃ এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰা বিষয়ত বিৰোধিতা কৰি অসমলৈ অহা তৃণমূল কংগ্ৰেছৰ ৬ জন সাংসদ আৰু দুজন বিধায়ক সহ প্ৰতিনিধি দলক শিলচৰত আৰক্ষীয়ে আটক কৰাৰ পিছতে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি দ্বীপেন পাঠকে পদৰ পৰা পদত্যাগ কৰা বুলি খবৰ আহিছে। জানিব পৰা মতে, হজো সমষ্টিৰ প্ৰাক্তন হাজোৰ বিধায়ক পাঠকে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ ইতিমধ্যেই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। দলটোৰ সৈতে ৬গৰাকী সাংসদ আৰু দুগৰাকী বিধায়কক অসম আৰক্ষীয়ে আটক কৰাৰ পিছতে এই কথা ৰাজহুৱা কৰে পাঠকে।

এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰা বুলি বিৰোধিতা কৰি অসমলৈ অহা তৃণমূল কংগ্ৰেছৰ ৬ জন সাংসদ আৰু দুজন বিধায়ক সহ প্ৰতিনিধি দলক শিলচৰলৈ অহা বিষয়ত আৰু দলটোৰ নেত্ৰী মমতা বেনাৰ্জীয়ে হকে-বিহকে মন্তব্য প্ৰকাশ কৰি থকাত পাঠকৰ  সৈতে মনোমালিন্য হৈছিল তৃণমূলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে।

 ৰ্তমান পৰিবেশত দলটোৱে অসমলৈ অহাৰ কি প্ৰয়োজন আছিল বুলি প্ৰশ্ন উত্থাপন কৰে পাঠকে। মমতা বেনাৰ্জীক বাৰে বাৰে মই অনুৰোধ কৰাৰ পিছতো দলটোৱে অসমলৈ আহিছে। বিষয়বস্তুক অন্য দিশলৈ নিবলৈ চেষ্টা কৰা হৈছে বুলি কয় পাঠকে।  

 উল্লেখ্য যে, তৃণমূলৰ দলটোৱে বিমান যোগে আহি শিলচৰ বিমানবন্দৰত ভৰি থোৱাৰ পিছতে অসম আৰক্ষীয়ে আটক কৰে। অসম আৰক্ষীয়ে অসমৰ শেহতীয়া পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকাতে আটক কৰা বুলি জানিব পৰা গৈছে। শিলচৰ প্ৰশাসনে  ১৪৪ ধাৰা জাৰি কৰে। সংসদ আৰু বিধায়কৰ দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি কৰিব লগা হয়।