newsnextone.com।ওদালগুৰি: ওদালগুৰি চহৰৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান প্ৰীমিয়াৰ কণিষ্ঠ মহাবিদ্যালয়ৰ আজি নৱাগত আদৰণি সভাৰ সামৰণি পৰে। সেই উপলক্ষে ওদালগুৰি চহৰৰ অম্বিকাগিৰি পথত অৱস্থিত কণিষ্ঠ মহাবিদ্যালয় চৌহদত দিনযোৰা কাৰ্যসূচীৰে সভাখন অনুষ্ঠিত হৈ যায়।

পুৱা বন্তি প্ৰজ্জ্বলন কৰে সভাপতি ঈন্দ্ৰ প্ৰসাদ শৰ্মাই, আদৰণি সংগীত পৰিৱেশন কৰে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে, ইয়াৰ পাছত সভাত আমন্ত্ৰিত অতিথিসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সভাৰ আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ বিদ্যুৎ ৰঞ্জন কলিতাই। সভাত সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়। ক্লেমাৰ্ক দৈমাৰী আৰু মালৱিকা দৈমাৰীয়ে ক্ৰমে মিষ্টাৰ ফ্ৰেচাৰ্ছ আৰু মিছ ফ্ৰেচাৰ্ছৰ সন্মান লাভ কৰে।