মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ লেখাপানীৰ আৰক্ষী থানাৰ অন্তৰ্গত তিনিমাইলত শুক্ৰবাৰে উদ্ধাৰ হয় এটা গ্ৰেনেড৷

জানিব পৰা মতে, এজন ব্যক্তিয়ে কোৰেৰে মাটি খান্দি থকা অৱস্থাত গ্ৰেনেডটো উদ্ধাৰ কৰে৷  গ্ৰেনেডটো মাটিৰ তলত পোত খাই থকাৰ বাবে মামৰে ধৰি থকাত পুৰণা বুলি ধাৰণা কৰা হৈছে৷

উল্লেখ্য যে, বৰ্তমান গ্ৰেনেডটো সক্ৰিয় হৈ আছে নে নাই আৰক্ষীয়ে পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্ততহে জানিব পৰা যাব৷ স্থানীয় লোকে ,কোনো উগ্ৰপন্থী সংগঠনে গ্ৰেনেডটো পুতি থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে৷