গোলাঘাট, ৩০ জুলাই : গোলাঘাট জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ সৌজন্যত উদ্যান শস্য আঁচনিৰ অধীনত আজি জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ পৰা থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত বুজন পৰিমাণৰ ফল-মূল নাগালেণ্ডৰ ডিমাপুৰলৈ প্ৰেৰণ কৰা হয় । জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই পতাকা জোকাৰি ফল-মূলৰ গাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে । উপায়ুক্তগৰাকীয়ে কয় যে ক'ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে জিলাখনৰ বিভিন্ন ঠাইৰ খেতিয়কসকলক এখন বজাৰ দিয়াৰ বাবে কৃষি বিভাগে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে ।

কৃষি বিভাগে এই কাৰ্যসূচীৰ অধীনত নিজা পৰিবহন ব্যয়েৰে ফল-মূলসমূহ ডিমাপুৰলৈ প্ৰেৰণ কৰাই নহয়, বৰং তাৰ ব্যৱসায়ীৰ সৈতে যোগাযোগ স্থাপন কৰি বিক্ৰীৰো ব্যৱস্থা কৰিছে । আনহাতে জিলা কৃষি বিষয়া শ্ৰীযুত নবীন চন্দ্ৰ বৰাই জানিবলৈ দিয়ে যে গাড়ীখনত এইবাৰ এহেজাৰটা আনাৰস, ২০ থোকা কল, ১,৫০০ গুটি নোহোৱা নেমু আৰু বুজন পৰিমাণৰ কঁঠাল ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে । পৰৱৰ্তী সময়ত অঞ্চলটোৰ খেতিয়কসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পোৱাটো সুনিশ্চিত কৰাৰ বাবে এনেকৈয়ে নিয়মীয়াকৈ চুবুৰীয়া ৰাজ্যখনলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে খেতিয়কসকলে উৎপাদিত সামগ্ৰীৰ এখন বজাৰৰ বাবে নানা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । এনে পৰিস্থিতিত কৃষি বিভাগৰ এই প্ৰয়াস আদৰণীয় হিচাপে পৰিগণিত হৈছে ।