কাশ্মীৰত থকা বহিৰাগত বনুৱাক হত্যাৰ হুংকাৰ হিজবুল মুজাহিদীৰ 

কাশ্মীৰ: কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনৰ হিজবুল মুজাহিদীৰ এলাৰ্ট। কোনো কাশ্মীৰি লোকৰ ক্ষতি হ’লে কৰিব কাশ্মীৰত থকা বহিৰাগত বনুৱাক।

এই কথা জাৰি কৰিছে মুজাহিদীয়ে এটা অডিঅ’ ক্লিপৰ জড়িয়তে। হিংসা-জজ্জৰিত কাশ্মীৰত বহিৰাগত লোকৰ নিৰাপত্তাক লৈ শংকাৰ সৃষ্টি হৈছে এই হুংকাৰৰ পিছতে।

১৭ মিনিটৰ এই অডিঅ’টোত এই সতৰ্কবাণী জাৰি কৰিছে সংগঠনটোৰ অপাৰেশ্যন কামাণ্ডৰ ৰিয়াজ নাইকুৱে। উল্লেখ্য যে, অডিঅ’ ক্লিপটোত স্পষ্টকৈ কৈছে- ‘যদি কোনো কাশ্মীৰি লোকৰ কিবা হয়, মনত ৰাখিবা যি সকল ইয়াত কাম কৰিবলৈ বাহিৰৰ পৰা আহি আছে তেওঁলোকে সোশৰীৰেৰে উভতি যাব নোৱাৰিব।’

ইয়াৰ পিছত কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে কি ব্যৱস্থা লয় সেইয়া লক্ষণীয় হ’ব৷।