হিমাচলপ্ৰদেশত ভয়ংকৰ হিমস্খলন-উদ্ধাৰ অভিযান অব্যাহত

ডেৰাডুনঃ শুকুৰবাৰে হিমাচল প্ৰদেশত সংঘটিত হয় ভয়ংকৰ হিমস্খলন। বিয়লি ৩ বজাত ৰাজ্যখনৰ পংগমো গাঁৱত সংঘটিত হয় এই হিমস্খলন।

হিমস্খলনৰ ফলত ৯খন বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। আনহাতে এজন বন কৰ্মীৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হয়।

হিমস্খলনত আৱদ্ধ হোৱা সেনা জোৱানৰ সন্ধানত উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰা হৈছে।
শনিবাৰে পুৱাৰেপৰা পুনৰ আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান।

যোৱা ২০ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ কিন্নাউৰ জিলাৰ নামগিয়াত সংঘটিত হৈছিল আন এক হিমস্খলন। উল্লেখযোগ্য যে, হিমস্খলনত বৰফৰ মাজত ৫জনকৈ জোৱান আৱদ্ধ হৈ পৰিছে৷

শনিবাৰে সেনা বাহিনী, আই টি বি পি, স্থানীয় আৰক্ষীয়ে যুটীয়াভাৱে চলায় এই উদ্ধাৰ অভিযান। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই এজনো সেনা জোৱান।