newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে বিজেপি নেতাই। এইবাৰ হিন্দুক ৫টাকৈ সন্তান জন্ম দিবৰ বাবে আহ্বান জনালে উত্তৰ প্ৰদেশ বিজেপিৰ নেতাই। উত্তৰ প্ৰদেশৰ বালিয়া বিধান সভা সমষ্টিৰ বিধায়ক সুৰেন্দ্ৰ সিঙে হিন্দুত্ব জীয়াই থাকিব লাগিলে হিন্দুৱে সন্তান বেছিকৈ জন্ম দিব লাগিব বুলি কয়। এই মন্তব্য প্ৰকাশ কৰাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়।  

বিধায়ক সুৰেন্দ্ৰ সিঙে কয় "হিন্দুৰ সংখ্যা বৃদ্ধি হ'ব লাগিব। যিকোনো প্ৰকাৰে ৫টা সন্তান জন্ম দিয়াটো বিচাৰে মহন্তসকলে। হিন্দু দম্পতিয়ে কমেও ৫টা সন্তান জন্ম দিয়ক তেতিয়াহে ভাৰতীয় শক্তিশালী হৈ থাকিব। হিন্দুস্থানত হিন্দুত্ব জীয়াই থাকিব।"