anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ বায়ুসেনাৰ এখন এয়াৰক্ৰাফ্ট ভূপতিত হোৱাৰ খবৰ আহিছে৷ এমআইজি এয়াৰক্ৰাফ্ট খন পাঞ্জাৱৰ পাঠানকোটৰ পৰা আহিছিল৷ এয়াৰক্ৰাফ্ট ভূপতিত হয় হিমাচল প্ৰদেশৰ কাংগ্ৰা জিলাৰ জোৱালী মহকুমাৰ পাট্টা জাতিয়ানাত ৷ একাংশ লোকে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰে ভগ্নাৱশেষ৷ 

সন্দেহ কৰা মতে, বুধবাৰে দুপৰীয়া এয়াৰক্ৰাফ্ট খন অৱতৰণ কৰাৰ চেষ্টা কৰিছিল যদিও পূৰ্বেই আকাশৰ পৰা ভাঙি পৰে৷ ধ্বংসস্তুপত পৰিণত হোৱা এয়াৰক্ৰাফ্ট খনৰ জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ লগতে কলা ধোৱা ওলাই থকা পৰিলক্ষিত হয়৷ বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই চালকজনক৷ উৰণৰ পিছতে কণ্ট্ৰোল ৰুমৰ সৈতে এয়াৰক্ৰাফ্ট খনৰ যোগযোগ বিচ্ছিন্ন হৈ পৰিছিল৷ ইতিমধ্যে ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে৷