ডিফু/বোকাজান: সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু কাৰ্বি আংলং জিলা সমিতিৰ দ্বিতীয় বাৰ্ষিক সভাখন আজি বোকাজানৰ চিচিআইৰ ওচৰৰ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ যায়৷

কাৰ্যক্ৰমনিকা অনুসৰি পুৱা আমছুৰ পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ পিছত সভাৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰে কাৰ্বি আংলং জিলা আমছুৰ সাধাৰণ সম্পাদক মজিদ খানে ৷ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক গিয়াছুদ্দিন তপাদাৰে পৌৰাহিত্য কৰা মুকলি সভাখনত উপস্থিত থকা আমছুৰ শীৰ্ষ নেতৃত্ব আৰু বিভিন্ন জিলাৰ পৰা অহা আমছুৰ সভাপতি সম্পাদক সকলক আমছুৰ কৰ্মকৰ্তা সকলে ফুলাম গামোছা আৰু পহ'ৰে উষ্ম সম্বৰ্ধনা জনায় ৷

সভাত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক দ্বয় ক্ৰমে ৰেজাউল কৰিম চৰকাৰে উপস্থিত ৰাইজক উদ্দেশ্যি উদাত্ত ভাষণ প্ৰদান কৰি কয়যে, এনআৰচি প্ৰক্ৰিয়াত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত অন্ধকাৰত ৰাখি সংখ্যালঘু ৰাইজৰ নাম পাকে- প্ৰকাৰে নানা কুট কৌশলেৰে বাদ পেলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আৰু এই কাৰ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জ্ঞাতসাৰেই চলি আছে বুলি আমছুৱে সন্দেহ প্ৰকাশ কৰিছে বুলি প্ৰকাশ কৰিছে।

কাৰণ বিভিন্ন দল- সংগঠনৰ ঐক্যমতত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ ভোটাৰ তালিকাত নাম থকা সকলো লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হব লাগে বুলি উচ্চতম ন্যায়ালয়ৰ তত্বাৱধনাত এনআৰচিৰ দ্বিতীয় খন পুৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পিছত বাদ পৰি যোৱা ৪০ লাখ লোকৰ বাবে পোন্ধৰ খন নথিৰ পৰা পাঁচখন নথি বাদ দিবলৈ দাখিল কৰা পৰামৰ্শ অশ্বৰ্যকৰ বিষয়৷

অৱশ্যে উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত উচিত ন্যায় প্ৰদান কৰিব বুলি আমছু আশাবাদী ৷ এনআৰচি সন্দৰ্ভত প্ৰতীক হাজোৱাৰী শেহতীয়া স্থিতিক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মৌনতা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে হাজেলাৰ স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰা ভোট বেংকৰ ৰাজনীতিহে বুলিহে কটাক্ষ কৰে সভাপতি ৰেজাউল কৰিম চৰকাৰে৷

সভাপতি গৰাকীয়ে সংখ্যালঘু সমাজত চলি থকা অন্ধবিশ্বাস, বাল্যবিহাহ, নিৰক্ষৰতা দূৰীকৰণৰ বাবে মানসিক ভাবে সুস্থিৰ হবলৈ আহ্বন জনায় ৷

কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীৰ সম উন্নয়ণ আৰু সমবিকাশেৰে কাৰ্বি আংলঙক এখন শ্ৰেষ্ঠ জিলা হিচাপে গঢ়ি তুলিবলৈ কাৰ্বি স্বায়ত্ত পৰিষদ কৰ্তৃপক্ষক আহ্বান জনাইছে সভাপতি চৰকাৰে ৷

আজিৰ সভাই আমছুৰ কাৰ্বি আংলং জিলা সমিতিৰ পুৰণি সমিতিখনে ভংগ কৰি নতুন সমিতি গঠন কৰে ৷ নতুন সমিতি খনৰ সভাপতি পূৰ্বৰ সাধাৰণ সম্পাদক মজিদখানক আৰু সাধাৰণ সম্পাদক ফাৰুক সেখ আৰু সেখ জামিলক অৰ্পণ কৰা হয় ৷ উপসভাপতি ৰুপে আব্দুল মন্নান,ৱলিচাহ, ছামচুদ্দিন আৰু আজম হাজৰিকাক দায়িত্ব দিয়া হয় ৷