anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ কুলগামত পুনৰ সেনাৰ সংঘৰ্ষ সন্ত্ৰাসবাদীৰ। নিৰাপত্তাৰক্ষীৰ গুলিত ইতিমধ্যে নিহত হৈছে তিনিজনকৈ সন্ত্ৰাসবাদী। দেওবাৰে পুৱাই সেনা আৰু সন্ত্ৰাসবাদীৰ দলৰ মাজত হোৱা সংঘৰ্ষত তিনিজনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে সেনা কৰ্তৃপক্ষই।

সন্ত্ৰাসবাদীৰ তিনিটা মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়। ইপিনে শ্ৰীনগৰৰ পৰা ৭০ কিঃ মিঃ নিলগত খুদৱানি এলেকা ঘেৰি লৈ অভিযান অব্যাহত ৰাখিছে সেনাই। এই অভিযানত ৰাজ্যৰ আৰক্ষীও আছে। দেওবাৰে পুৱৰ পৰা সেনা-আৰক্ষীৰ অভিযানত পুৱাই বিশেষ সফলতা লাভ কৰে নিৰাপত্তাৰক্ষীয়ে। কেইবাটাও এলেকা ঘেৰি সমগ্ৰ কাশ্মীৰৰ এলেকাত চলিছে অভিযান। ৰাজপথত তালাচী চলোৱাৰ লগতে জনবসতি এলেকাত চলিছে অভিযান।

আনহাতে, কাশ্মীৰৰ কুলগাম জিলাৰে মোতালহামা এলেকাত এগৰাকী কনিষ্টবলক অপহৰণ কৰি হত্যা কৰা হয়। শনিবাৰে কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ হয়। কনিষ্টবলগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছে।