newsnextone.com| আটাৰীখাটঃ প্ৰায় ৫০ টা হাতীৰ জাকে দিনদুপৰতে বনাঞ্চলৰ পৰা আটাৰীখাট চাহবাগিচাত প্ৰৱেশ কৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়৷ ভয়ত স্থানীয় ৰাইজে বন বিভাগৰ কৰ্তৃপক্ষক ততাতৈয়াকৈ খবৰ দিয়ে যদিও হাতী খেদিবলৈ বনবিভাগ ব্যৰ্থ হৈ পৰে৷

শেহতীয়াকৈ জানিব পৰা মতে এনে দৰে খাদ্যৰ সন্ধানত দিন দুপৰতে ভূটান পাহাৰ আৰু বৰনদী অভয়াৰণ্যৰ পৰা ওলাই আহিছে বৃহৎ জাকটো৷ বৰ্তমানে হাতীৰ জাকটোৱে নিজ স্থানৰ পৰা লৰ চৰ নোহোৱা বুলি জানিব পৰা গৈছে৷