newsnextone.com | ডিজিটেল ডেস্কঃ আন এটা গোচৰত লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ আদালতে জামিন প্ৰদান কৰে সূৰা সম্ৰাট বিজয় মালিয়াক৷ লণ্ডন আৰক্ষীয়ে ২০১৭ চনৰ ০৩ অক্টোবৰত আৰ্থিক প্ৰতাৰণা গোচৰত গ্ৰেপ্তাৰ কৰিছিল। তাৰ লগে লগে বহিঃ সমৰ্পণ গোচৰ ৰুজু হৈছিল মালিয়াৰ বিৰুদ্ধে। পুনৰ লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ আদালতত মালিয়াই জামিন আবেদন কৰে। মঙলবাৰে জামিনৰ শুনানি অনুষ্ঠিত হয়। শুনানি কালত মালিয়াই খোদ আদালতত উপস্থিত থাকে। শুনানিৰ অন্তত মালিয়াক জামিন প্ৰদান কৰে আৰু জামিন লাভ কৰি বীৰ দৰ্পে আদালতৰ পৰা ওলাই আহে মালিয়াই। 

উল্লেখ্য যে, লণ্ডন আৰক্ষীয়ে ২০১৭ চনৰ ০৩ অক্টোবৰত আৰ্থিক প্ৰতাৰণা গোচৰত বিজয় মালিয়াক লণ্ডন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মালিয়াই গ্ৰেপ্তাৰ হলেও জামিন লাভ কৰিবলৈ সক্ষম হয়৷ ৬০০০ কোটি টকা ঋণ লৈ দেশ এৰি লণ্ডনলৈ গুছি গৈছিল দেশৰ একালৰ প্ৰখ্যাত উদ্যোগপতিগৰাকীয়ে৷

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগতে দেশৰ কেবাটাও বেংকৰ পৰা কোটি কোটি টকা ঋণ লৈ পলায়ন কৰে সূৰা ব্যৱসায়ীগৰাকীয়ে৷ তাৰ মাজতে বিজয় মালিয়াই তেওঁৰ বিৰুদ্ধে ঋণৰ সুত নিদিয়া বুলি উত্থাপিত অভিযোগ ভিত্তীহিন বুলি কয়৷ মালিয়াৰ বিৰুদ্ধে চিবিআই আৰু ইডিয়ে চাৰ্জশ্বিট দাখিল নকৰাৰো অভিযোগ উঠে৷ একাধিক প্ৰতাৰণাৰ গোচৰ ৰুজু হৈ থকাৰ পিছতো ২০১৬ চনৰ মাৰ্চ মাহত দেশ এৰি ৰহস্যজনক ভাবে পলায়ণ কৰি ব্ৰিটেনত আশ্ৰয় লয় মালিয়াই৷

ব্ৰিটেনত যোৱাৰ কথা ৰাজহুৱা হোৱাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে বিৰোধিয়ে বিজেপিক সমালোচনা কৰিছিল৷ স্মৰ্তব্য যে, ইডি আৰু চিবিআইয়ে গোচৰৰ তদন্তৰ ৰিপৰ্ট বৃটিছ চৰকাৰক জমা দিয়ে৷ ২০১৭ চনৰ ডিচেম্বৰ মাহত মালিয়াক দেশলৈ উভতাই অনাৰ ক্ষেত্ৰতো গোচৰ ৰুজু হোৱাৰ হৈছিল৷ কিন্তু আজিলৈ দেশৰ নৰেন্দ্ৰ মোডী চৰকাৰে মালিয়াক দেশলৈ উভতাই আনিব পৰা নায়। আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, আয়াৰলেণ্ডত বিজয় মালিয়াৰ বিৰুদ্ধে আৰ্থিক প্ৰতাৰণা কৰাৰ লগতে বহিঃ সমৰ্পণৰ অভিযোগ উত্থাপন হৈ আহিছে৷