anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষাকলীন অধিবেশনৰ প্ৰথমটো দিনত টিডিপিয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ আলোচনা কালত ভাষণ প্ৰদান কৰাৰ পিছৰে পৰা ৰাহুল গান্ধীয়ে চৰ্চালৈ আহিছে। সদনত ভাষণৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আলিংগন কৰি চৰ্চালৈ আহে। তাৰ পিছতে মুম্বাই কংগ্ৰেছে এখন বেনাৰ লগোৱা পৰিলক্ষিত হৈছে। মুম্বাইত লগোৱা বেনাৰত কোৱা হৈছে 'ঘৃণাৰে নহয় প্ৰেমেৰে জয়ী হ'ম'। এইখন বেনাৰ নৰেন্দ্ৰ মোডীক ৰাহুলে আলিংগন কৰাৰ পিছতে পোহৰলৈ আহে।

শুকুৰবাৰে লোকসভাত অনাস্থা চৰ্চাৰ কালত নিজৰ আসনৰ পৰা প্ৰধানমন্ত্ৰীয়ে বহি থকা আসনৰ ওচৰলৈ গৈ আলিংগন কৰে ৰাহুলে। কংগ্ৰেছে ইয়াৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে।