newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হৈছে এনডিএৰ প্ৰাৰ্থী জেডিইউৰ সাংসদ নাৰায়ণ সিং হৰি বংশ। ১২৫টা ভোট লাভ কৰিছে নাৰায়ণ সিং হৰি বংশে। কংগ্ৰেছৰ প্ৰাৰ্থী বীকে হৰিপ্ৰসাদে লাভ কৰে ১০৫টা ভোট।

ৰাজ্য সভাৰ উপাধ্যক্ষ পদৰ বাবে বৃহস্পতিবাৰে ৰাজ্য সভাত নিৰ্বাচন অনুষ্ঠিত হয়। সংসদৰ বৰ্ষাকালীন অধিবেশতে উপাধ্যক্ষ নিৰ্বাচন কৰাৰ বাবে ঘোষণা কৰা হৈছিল। কংগ্ৰেছৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীকে হৰিপ্ৰসাদ আৰু এনডিএৰ প্ৰাৰ্থী তথা জেডিইউৰ সাংসদ নাৰায়ণ সিং হৰি বংশ প্ৰাৰ্থী আছিল। 

ৰাজ্যসভাৰ ২৪৪ গৰাকী সাংসদৰ ভিতৰত ১২৪ জনৰ সমৰ্থন প্ৰয়োজন হয় উপাধ্যক্ষ নিৰ্বাচনৰ বাবে। বিজেপিয়ে তেওঁলোকৰ সৈতে ১২৬ জন সাংসদ থকা বুলি দাবী কৰিছিল। আনহাতে শেষ মুহূৰ্তত বিৰোধী দলৰ প্ৰাৰ্থী তথা কংগ্ৰেছ নেতা বীকে হৰিপ্ৰসাদ জয়ী হ'ব বুলি দাবী কৰে। 

১১ বজাৰ পৰা ভোট অনুষ্ঠিত হৈছে। এনডিএৰ সহযোগী শিৰোমণি অকালী দল আৰু শিৱসেনাই এনডিএৰ প্ৰাৰ্থীক ভোট দিয়ে । তাৰ লগে লগে বিজেডি, এআইএমডিএমকেৰ সমৰ্থন লাভ কৰে বিজেপিয়ে। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এনচিপি, বাম শিবিৰ, এছপি, বিএছপি, টিডিপিয়ে কংগ্ৰেছক সমৰ্থন কৰা বুলি খবৰ আহিছে।