গুৱাহাটীঃ গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ পৰীক্ষা পুনৰ অনুষ্ঠিত নহয়। বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ এই কথা স্পষ্ট কৰে। বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যনিৰ্বাহক সমিতিৰ বিশেষ সভা অনুষ্ঠিত হৈছিল আৰু এই সভাতে পুনৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ লগতে আন কেইবাটাও সিদ্ধান্ত লোৱা হয়। 

একেখন সভাতে প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো উলাই কৰে। আনহাতে পৰীক্ষা চলি থকাৰ মাজতে পৰীক্ষাকেন্দ্ৰিক খেলিমেলিৰ বাবে বিতৰ্কত সোমাই পৰা ধেমাজিৰ আবতানি, গোগামুখ আৰু বৰাক উপত্যকাৰ শিলচৰ পৰীক্ষা কেন্দ্ৰ বাতিলৰ সিদ্ধান্তও গ্ৰহণ কৰে শিক্ষা সংসদৰ কাৰ্যনিৰ্বাহকে।

প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা গোৱালপাৰা জিলাৰ গোৱালপাৰাৰ ছায়েন্স একাডেমীৰ শিক্ষাৰ্থীৰ উত্তৰ বহী সুকীয়াকৈ নিৰীক্ষণ কৰাৰ লগতে ১৮২খন ব্যক্তিগত খণ্ডৰ বিজ্ঞানৰ শিক্ষানুষ্ঠানৰ নথি পুনৰ পৰীক্ষণ কৰিব সংসদৰ নতুনকৈ গঠন কৰা সমিতিয়ে। 

পৰীক্ষাকেন্দ্ৰিক দিশ আৰু তদন্ত প্ৰক্ৰিয়া চোৱা-চিতা কৰাৰ বাবে ৩টা সমিতিও গঠন কৰা হয়। কাৰ্যনিৰ্বাহকে স্থান দখল প্ৰক্ৰিয়া বন্ধ কৰি শেহতীয়াকৈ ১০ শীৰ্ষ স্থানৰ এইবেলি থাকিব যদিও পৰৱৰ্তী বছৰৰ পৰা ১০ শীৰ্ষ স্থানৰ পদ্ধতি নাথাকিব বুলি স্পষ্ট কৰে। প্ৰয়োজনত শিক্ষাবিদ, বুদ্ধিজীৱিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব শিক্ষা সংসদে।  

পৰীক্ষা নিয়ন্ত্ৰক প্ৰদীপ কলিতাক স্বেচ্চাই অৱসৰ লোৱাৰ আহ্বান জনাইছিল কাৰ্যনিৰ্বাহক সভাই আৰু আহ্বান মানি লয় কলিতাই। প্ৰশ্ন কাকত খেলিমেলিৰ সৈতে জৰিত বিষয়াক শিক্ষা সংসদৰ পৰা প্ৰয়োজনত ছুটি দিয়া হ’ব পাৰে সেয়াও তদন্তৰ খাতিৰত হে।

উল্লেখ্য যে, গোৱালপাৰ জিলাত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ গণিত, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞান প্ৰশ্ন কাকত বিসংগতিয়ে দেখা দিছিল যোৱা ৯ মাৰ্চত। জিলা খনত প্ৰশ্ন কাকতৰ খেলিমেলিয়ে সমগ্ৰ ৰাজ্যৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক উদ্বিগ্ন কৰি তুলিছিল।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ গণিত, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞান প্ৰশ্ন কাকত উদ্ধাৰ হৈছিল ব্যক্তিগত বিদ্যালয় গোৱালপাৰা ছায়েন্স কলেজত৷ প্ৰশ্নকাকত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰশ্ন কাকতৰ সৈতে বহু মিল আছিল৷ গোৱালপাৰাৰ বিজ্ঞান একাডেমীয়ে কাকত অবৈধভাৱে সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷

যাৰ বাবে অসমৰা উত্তাল হৈ পৰিছিল৷ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়৷