newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰে বলিউডৰ অভিনেতা তথা বিজেপিৰ সাংসদ পৰেশ ৰাৱালে সংসদ ভৱনত উপস্থিত হৈয়ে আক্ৰমণ কৰে ৰাহুল গান্ধীক৷ শুকুৰবাৰে পুৱাই সংসদ ভৱনৰ বাহিৰত আক্ৰমণ কৰি ঠাট্টা কৰি কয় যে আজি পুনৰ নপঢ়াকৈ, অনৰ্গল, ভুল নকৰাকৈ ১৫ মিনিট ভাষণ প্ৰদান কৰিব পাৰিলে পথিৱীত কঁপি উঠিব৷ উল্লেখ্য যে পূৰ্বে ৰাহুল গান্ধীয়ে বিমূদ্ৰাকৰণৰ বিষয়ত কবলৈ আৰম্ভ কৰিলে সদনত ভূমিকম্প আহিব বুলি কৈছিল৷ তাৰ পিছৰে পৰা বিজেপিৰ নেতাই এই কথাষাৰক লৈ ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈ আহিছে৷  

শুকুৰবাৰে বৰ্ষাকালীন অধিবেশনত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত নতুন ষ্টাইলেৰে ৰাহুল গান্ধীয়ে ভাষণ আৰম্ভ কৰে৷ দীৰ্ঘ সময় ভাষণৰ অন্তত নিজৰ ঠাইৰ পৰা উঠি গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আলিংগন কৰে৷ প্ৰধানমন্ত্ৰীও কৰমৰ্দন কৰে ৰাহুলৰ সৈতে৷ ৰাহুলৰ ভাষণৰ মাজতে জোৰদাৰ হৈ হাল্লা হোৱাত কিছুসময়ৰ বাবে সদন স্থগিত ৰাখিব লগা হয়৷ 

ভাষণ সামৰণি মৰাৰ পূৰ্বে ৰাহুলে কয় আপোনালোকে মোক ধৰ্মৰ কি জ্ঞান দিছে৷ হিন্দু হোৱাৰ বিষয়ে বুজাইছে৷ ইয়াৰ বাবে আপোলোকক ধন্যবাদ৷ আপোনালোকৰ ভিতৰত মোৰ বিৰুদ্ধে ক্ষোভ আছে৷ আপোনোলোকে মোক পাপ্পু বুলি কয়৷ কিন্তু মোৰ ভিতৰত ক্ষোভ নাই৷ এজন এজন কৈ আপোনালোকৰ ভিতৰৰ ক্ষোভ বাহিৰ কৰি আনিম আৰু কংগ্ৰেছত চামিল কৰিম৷ প্ৰধানমন্ত্ৰী চকীদাৰ নহয় অংশীদাৰ হয়৷ সম্পূৰ্ণ দেশে প্ৰত্যক্ষ কৰিছে প্ৰধানমন্ত্ৰীৰ বিষয়ে মুক্ত কৈ কৈছোঁ৷ তেওঁ মোৰ চকুত চকু থৈ কথা কব নোৱাৰে৷ তাৰ পিছতে ৰাহুলৰ এই দাবীক মোডীয়ে হাঁহিৰে উৰুৱাই দিয়া পৰিলক্ষিত হয়৷ মোডীয়ে বহু সময় হাঁহি থকা পৰিলক্ষিত হয়৷