ডিজিটেল ডেস্কঃ দিল্লীতে থকা নাই। দিল্লীৰ পৰা গৈ পালে পাকিস্তান। হয়, কেৱল দিল্লীয়েই নহয় দিল্লীৰ লগতে সমগ্ৰ পাকিস্তানটো এতিয়া কুঁৱলিৰ আতংক। দুটা সপ্তাহ ধৰি পাকিস্তানৰ আকাশ ধুলিময়। যাৰ ফলত ব্যাহত হৈছে জনজীৱন। বিমান উৰণত অসুবিধা হোৱাৰ লগতে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাও। জানিব পৰা মতে, প্ৰায় ১৫ হাজাৰ লোকৰ উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ লগতে বহুতো লোকক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয়।

বিগত দুসপ্তাহ ধৰি লাহোৰৰ আকাশ কুঁৱলীয়ে ঢাকি ৰাখিছে। কোনো কোনো ঠাইত দিনৰ ভাগত সূৰ্যৰ পোহৰতো অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি হ’য়। নতুন দিল্লীৰ লগতে ইয়াৰ ওচৰৰ ৰাজ্য সমুহতো এই সংকট দেখিবলৈ পোৱা গৈছে।

পাকিস্তান চৰকাৰৰ বিভিন্ন বিভাগ সমস্যাৰ সৈতে যুজ দিয়াৰ বাবে সাজু হৈ বিষয়া সজ্জাদ হুছেইনে কুঁৱলীৰ কাৰণে বৰ্তমানলৈকে ২৫০ তকৈও অধিক পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ইয়াত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪০০ ৰো অধিক লোক আহত হোৱা বুলি স্পষ্ট কৰে। কুঁৱলিৰ বাবেই ১২ খন বিমানৰ উৰণ বাতিল কৰা হৈছে।