ডিজিটেল ডেস্কঃ ভাৰতত সংবাদিক নিগ্ৰহৰ ঘটনা দিনক দিনে বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিততে সংবাদমাধ্যমৰ স্বাধীনতা সূচাংকত দেশখনৰ স্থান ১৩৮ লৈ অৱনমিত হৈছে। সাংবাদিকৰ আন্তৰ্জাতিক সংগঠন ৰিপ’টাৰ্ছ উইডাউট ব’ৰ্ডাৰ্ছৰ ২০১৮ বৰ্ষৰ সংবাদমাধ্যমৰ স্বাধীনতা সূচাংকৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। দুটা স্থানৰ অৱনমন ঘটিছে ভাৰতৰ। এই পশ্চাদগমনৰ সূত্ৰপাত ঘটাইছে সাংবাদিক গৌৰী লংকেশৰ হত্যা। 

ভাৰতক কোঙা কৰি পেলোৱা অন্যতম কাৰক হিচাপে প্ৰতিবেদনখনত চিহ্নিত কৰা হৈছে বিদ্বেষমূলক হিংসা। 'দেশখনত বিয়পি পৰা বিদ্বেষমূলক হিংসাও সাংবাদিকতাৰ স্বাধীনতাৰ ক্ষেত্ৰত নিম্নগামী ফলাফলৰ কাৰণ। ২০১৪ বৰ্ষত নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা হিন্দু কট্টৰপন্থীয়ে সাংবাদিকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে’- এনেদৰে প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।   

'শাসকীয় দলক বিৰক্ত কৰা যিকোনো অনুসন্ধানমূলক সাংবাদিকতা অথবা হিন্দুত্ববাদক সমালোচনা কৰা প্ৰকৃতিৰ লিখনিক উদ্দেশ্যি সামাজিক গণমাধ্যমকে ধৰি ইণ্টাৰনেটত তিৰস্কাৰৰ সোঁত বয় আৰু সংশ্লিষ্ট সাংবাদিক বা লিখকজনৰ মৃত্যুৰ দাবী উঠে। ইয়াৰে সৰহভাগ দাবী আৰু তিৰস্কাৰ প্ৰধানমন্ত্ৰীৰ 'ট্ৰল সেনা’ৰ পৰাই আহে’- প্ৰতিবেদনত এই উল্লেখ।

প্ৰতিবেদনখনত লংকেশ পত্ৰিকা নামৰ বাতৰি কাকতখনৰ সম্পাদক গৌৰী লংকেশৰ কথা বিশেষভাবে উল্লেখ কৰা কোৱা হৈছে, 'হিন্দু চৰমবাদ, জাতিভেদ প্ৰথা আৰু মহিলাৰ প্ৰতি বিদ্বেষৰ সমালোচনা কৰা গৌৰী লংকেশক প্ৰথমে বিদ্বেষমূলক উক্তি, পিছলৈ হত্যাৰ ভাবুকি আৰু শেষত ২০১৭ বৰ্ষৰ ছেপ্তেম্বৰ মাহত দুষ্কৃতিকাৰীয়ে গুলিয়াই হত্যা কৰে।’

ভাৰতৰ স্থান অৱনমিত হোৱাৰ বাবে বহুলাংশেই দোষ দিয়া হৈছে সাংবাদিকৰ নিগ্ৰহৰ ঘটনাক। অনুসন্ধানমূলক প্ৰতিবেদন লিখাৰ বিনিয়মত প্ৰাণ দিব লগা হৈছে অতিকমেও তিনিজন সাংবাদিকে। ভালেমান সাংবাদিকৰ মৃত্যুৰ কাৰণ সাংবাদিকতা হয় নে নহয়, সেয়া ঠিৰাং কৰিব পৰা হোৱা নাই যদিও গ্ৰামাঞ্চলত সাংবাদিকক নিচেই কম পৰিমাণে পাৰিশ্ৰামিক দিয়াৰ কথাও প্ৰতিবেদনত উল্লেখিত হৈছে।       

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ স্থান ১৪৬ হোৱাৰ পৰিৱৰ্তে ভূটানে ৯৪ স্থান দখলেৰে শতকৰ ঘাইত থাকি সুনাম আৰ্জিছে। নেপাল (১০৬), আফগানিস্থান (১১৮), শ্ৰীলংকা (১৩১), ম্যানমাৰ (১৩৭), থাইলেণ্ড (১৪০)ৰ স্থানো শোচনীয়। তাৎপৰ্যপুৰ্ণ কথা ভাৰতৰ ঠিক পিছতে ১৩৯ স্থানত আছে পাকিস্তান।  

বিশ্বৰ পৰিস্থিতি সন্দৰ্ভত গভীৰ শংকা ব্যক্ত কৰা প্ৰতিবেদনখনৰ মতে সাংবাদিকৰ ওপৰত অব্যাহত আক্ৰমণ, চেলফ চেন্সৰশ্বিপে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিভিন্ন দেশত ৰাজনৈতিক নেতাই সমৰ্থকৰ হতুৱাই সাংবাদিক দমনৰ প্ৰকাশ্য অভিযান চলোৱাৰ বিপৰীতে আনফালে একনায়কত্ববাদী একাংশ চৰকাৰে আকৌ সংবাদক্ষেত্ৰখনকেই কুক্ষিগত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ কথা উল্লেখ প্ৰতিবেদনত। তদুপৰি তথ্য প্ৰযুক্তি আইন আৰু বিভিন্ন আইনী মেৰ-পেচেৰে ব্লগাৰ, ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰো মুখবন্ধ কৰাৰ চেষ্টাৰ কথাও প্ৰতিবেদনত উনুকিওৱা হৈছে। 

ডোনাল্ড ট্ৰাম্পৰ শাসনকালত আমেৰিকাই দুটা স্থান পিছুৱাই গৈ ৪৫ত থমকিছে। প্ৰথম পাঁচটা স্থানত আছে ক্ৰমে নৰৱে, ছুইডেন, নেদাৰলেণ্ডচ্. ফিনলেণ্ড আৰু ছুইজাৰলেণ্ড। একেবাৰে শেষৰ ফালে স্থান পাইছে ক্ৰমে উত্তৰ কোৰিয়া, ইৰিত্ৰিয়া, টুৰ্কমেনিস্থান, ছিৰিয়া আৰু চীন।