খাৰুপেটীয়াঃ একৈশ শতিকাৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সঁচাকৈয়ে ভূলুন্ঠিত হৈছে নেকি মানৱতা ৷ তেনে দৰে ভৱাৰে অৱকাশ আনি দিছে দৰঙৰ দৰং জিলাৰ এক নৃশংস ঘটনাই ৷ মাতৃ স্নেহকো চেৰ পেলালে পাশানতাই ৷

ঘটনাৰ বিৱৰণি মতে, দৰঙৰ খাৰুপেটীয়াৰ টাংনী নৈৰ দলঙৰ তলত পাষাণ হৃদয়ৰ মাতৃয়ে পেলাই থৈ গ’ল এটি কন্যা সন্তান।

শণিবাৰে উদ্ধাৰ হোৱা এই নৱজাতকৰ মৃতদেহৰ লগত চিকিৎসালয়ত ব্যৱহৃত হোৱা পলিথিন, কাৰ্ড, আৰু বাকচ আদি পোৱা যায় ।

কাৰ্ডত লিখা থকা বিৱৰণ অনুসৰি নৱজাতকৰ মাতৃৰ নাম ছালেহা খাতুন, ওজন ২.৬০ গ্ৰাম, তাৰিখ ২/২/১৮ সময় ৪ পি এম আৰু ফিমেল বুলি জানিব পৰা গৈছে।

মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পাই আৰক্ষীয়ে নৱজাতকৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াই ৷

উল্লেখ্য যে, বিগত মাহত খাৰুপেটীয়া অঞ্চলত তিনিটাকৈ নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলবাসীক চিন্তিত কৰি তুলিছে ৷