anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰে লোকসভাত অগ্নিপৰীক্ষা দিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে৷ প্ৰথমবাৰৰ বাবে টিডিপি সহ দেশৰ মুঠ প্ৰায় ১৬টা দলে চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰাৰ পিছতে শুকুৰবাৰে আস্থা ভোট অনুষ্ঠিত হ’ব৷ আস্থা ভোটৰ পূৰ্বে চৰ্চা হ’ব লোকসভাত৷ বিৰোধী দলৰ নেতাসকলে ভাষণ প্ৰদান কৰি চৰকাৰৰ ভুল সমূহ উল্লেখ কৰিব৷ আনহাতে চৰকাৰৰ পক্ষৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেইবাজনো নেতাই চৰকাৰৰ কাম কাজৰ সফলতা সন্দৰ্ভত ভাষণ প্ৰদান কৰিব৷ 

বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল অধ্যক্ষৰ সন্মুখত৷ অধ্যক্ষ তথা চৰকাৰে ৰাজি হৈছিল অনাস্থা সন্দৰ্ভত আলোচনা কৰিবলৈ৷ 

শুকুৰবাৰে ৬ বজাত ভোট অনুষ্ঠিত হ’ব আৰু লোকসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলে মোডী চৰকাৰ ভংগ হ’ব। আনহাতে বিৰোধী দল সমূহে ইয়াৰ জৰিয়তে বিশেষ খেল খেলা বুলি চৰ্চা হৈছে৷ চৰকাৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিব সেয়া খাতাং৷ বৰ্ষাকলীন অধিবেশনৰ সময় পাৰ কৰি চৰকাৰে যাতে কোনো বিধায়ক উত্থাপন কৰিব নোৱাৰে তাৰ বাবেই এই প্ৰস্তাৱ অনা বুলি কব খোজে একাংশ লোকে৷ 

আনহাতে বিজেপিৰ সহযোগী শিৱসেনাই লোকসভা বহিষ্কাৰ কৰে শুকুৰবাৰৰ দিনটোত৷ আনকি উপস্থিতিৰ স্বাক্ষৰ পৰ্যন্ত নকৰে শিৱসেনাৰ সাংসদসকলে৷ মুঠৰ ওপৰত শিৱসেনাই শুকুৰবাৰৰ দিনটোত লোকসভাত উপস্থিত নাথাকে৷ বিজেপিৰ সহযোগী দলটোৱে একপ্ৰকাৰ বিৰোধী দলৰ অনাস্থা প্ৰস্তাৱৰ সমৰ্থনত থিয় দিয়ে৷ আনহাতে বিহাৰৰ শাসকীয় দল জেডিইউয়ে চৰকাৰৰ পক্ষত থকা বুলি কয়৷