anitwitter
anitwitter

newsnextone.com |  শিলচৰঃ এনআৰচিৰ সম্পূৰ্ণ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ বিষয়ত সক্ৰিয় ভূমিকা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা তৃণমূল কংগ্ৰেছৰ সাংসদৰ এটা প্ৰতিনিধি দল বৃহস্পতিবাৰে বৰাক উপত্যকাত উপস্থিত হয়। দলটোৱে একাংশ বঙালী সংগঠনৰ নেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছিল। 

এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ বাদ পৰা বিষয়ত বিৰোধিতা কৰি অসমলৈ অহা তৃণমূল কংগ্ৰেছৰ ৬ জন সাংসদ আৰু দুজন বিধায়ক সহ প্ৰতিনিধি দলক শিলচৰত আৰক্ষীয়ে আটক কৰে। দলটোৰ সৈতে দুগৰাকী পশ্চিম বংগৰ বিধায়কক আটক কৰে অসম আৰক্ষীয়ে।

দলটোৱে বিমান যোগে আহি শিলচৰ বিমানবন্দৰত ভৰি থোৱাৰ পিছতে অসম আৰক্ষীয়ে আটক কৰে।অসম আৰক্ষীয়ে অসমৰ শেহতীয়া পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকাতে আটক কৰা বুলি জানিব পৰা গৈছে। শিলচৰ প্ৰশাসনে  ১৪৪ ধাৰা জাৰি কৰে। সাসংদ আৰু বিধায়ক দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি কৰিব লগা হয়।

তৃণমূলৰ সাংসদ মমতা বালা ঠাকুৰ, সুখেন্দু শেখৰ ৰায়, কাকলি ঘোষ দস্তিদাৰ, ৰত্না দে, নাদিমুল হক আৰু অৰ্পিতা ঘোষ, পশ্চিম বংগৰ বিধায়ক ফিৰহাদ হাকিম আৰু মহুৱা মৈত্ৰ আছে দলটোত।