গোলাঘাট, ৫ আগষ্ট : গোলাঘাট জিলাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে । জিলাখনত অবৈধ চুলাই মদৰ ঘাটিসমূহ যাতে ক'ভিডৰ সংক্ৰমণস্থলীলৈ পৰিণত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক অভিযান চলাবলৈ ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আবকাৰী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত বিভাগে অভিযান তীব্রতৰ কৰি তুলিছে ।

জিলাখনৰ ভিন ভিন ঠাইত যোৱা সময়ছোৱাত গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰা হয় । কালিৰ দিনটোত গোলাঘাট আবকাৰী বিভাগে ৬টা স্থানত ৪টা অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰি নষ্ট কৰে । ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হয় ।

অভিযানকাৰী দলে এই অভিযানকালত ৮,২৮০ লিটাৰ চুলাই মদ প্ৰস্তুত কৰা পাছ,৬০ লিটাৰ চুলাই মদ, ৫টা চুলাই মদ প্ৰস্তুত কৰা সঁজুলি, ৩৭৫ কিলোগ্ৰাম লালিগুড় আৰু ১০ কিলোগ্ৰাম পাচোৱাই জব্দ কৰে । জিলাখনৰ বোকাখাত চক্ৰৰ অধীনৰ চাপৰি গাঁও, কান্ধুলিমাৰি আৰু পৰঙীয়া, ফৰকাটিং চক্ৰৰ অধীনৰ বৰজান, দেৰগাঁও চক্ৰৰ অধীনৰ কাঠকটীয়া আৰু গোলাঘাট সদৰ চক্ৰৰ অধীনৰ আঁঠুকঢ়াচুক আদি ঠাইত অভিযান চলাই এই বৃহৎ পৰিমাণৰ চুলাই আৰু অবৈধ সুৰা তথা সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰা হয় ।