anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ বিশিষ্ট সমাজকৰ্মী স্বামী অগ্নিবেশক ঝৰখাণ্ডত আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷ বিশিষ্ট সমাজকৰ্মী স্বামী অগ্নিবেশক বিজেপিৰ ভাতৃ সংগঠনে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

জানিব পৰা মতে, ঝাৰখাণ্ডৰ পাকুৰ জিলাত বিজেপিৰ ভাতৃ সংগঠন যুৱ মৰ্চাৰ কৰ্মীয়ে আক্ৰমণ কৰাত আহত হয় অগ্নিবেশ৷ একাংশ লোকে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে অগ্নিবেশক৷ এখন সভাত অংশ লবলৈ গৈছিল অগ্নিবেশে৷ এই ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে৷

স্বামীয়ে কয় যে মই এঠাইৰ পৰা ওলাই অহাৰ পিছতে হঠাৎ আক্ৰমণ কৰা হৈছে৷ চিচিটিভি ফুটেজ প্ৰত্যক্ষ কৰি চিনাকী কৰিব পাৰিম আক্ৰমণকাৰীক৷ মিডিয়াৰ হাতত সেই ভিডিঅ’ আছে৷ যদি ব্যৱস্থা গ্ৰহণ কৰিব খোজে৷