ডিফু: ভাৰতৰ জাতীয় পিতা মহাত্মা গান্ধীৰ ১৪৯ সংখ্যক জন্মজয়ন্তী উপলক্ষে "স্বচ্ছতা হি সেৱা"ক লক্ষ্য হিচাপে লৈ জিলা সৈনিক ৱেলফেয়াৰ অফিচৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত যোৱা ১৫ ছেপ্তেম্বৰৰ পৰা স্বচ্ছ অভিযান চলাইছে৷

এই অভিযানৰ অংশ স্বৰুপে আজি পূব কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়তো চাফাই অভিযান চলায় ৷ জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই চাফাই অভিযানৰ শুভ উদ্ধোধন কৰে ৷ প্ৰায় অৰ্দ্ধ শতাধিক অৱসৰ প্ৰাপ্ত সেনা, বিধৱা সেনা পত্নী, উপায়ুক্ত কাৰ্যালয়ৰ কেবাগৰাকী বিষয়া কৰ্মীয়ে অতিৰিক্ত উপায়ুক্ত নৰচিং বে'ই হাতে হাতে ঝাড়ু, টুকুৰী আদি লৈ উপায়ুক্ত কাৰ্যালয়ৰ চৌপাশ পৰিষ্কাৰ কৰে ৷

জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই জিলা সৈনিক ৱেলফেয়াৰ কাৰ্যালয়ৰ এনে পদক্ষেপক উচ্চ প্ৰশংসা কৰে৷ আনহাতে স্বচ্ছ অভিযানটোৰ নেতৃত্ব দিয়া সেনা বিষয়া কেপ্তেইন পিচি ৰয়ে ২ অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ সোঁৱৰণতে জিলা সৈনিক ৱেলফেয়াৰ কাৰ্যালয়ে এই অভিযান চলাইছে বুলি কয়, কাৰণ বাপুয়ে গোটেই জীৱন জাতিৰ স্বাৰ্থত আৰু স্বচ্ছতাৰ বাবে উছৰ্গা কৰি থৈ গৈছিল বুলি মন্তব্য কৰে ৷