anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষীৰ কনভয়ত সন্ত্ৰাসবাদীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰে। নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি ধাৰাষাৰ গুলিবৰ্ষণ কৰাত দুগৰাকী জোৱানৰ দেহত গুলী লগা বুলি জানিব পৰা গৈছে। 

দেহত গুলী লগা জোৱান দুজন চিআৰপিএফৰ বুলি জানিব পৰা গৈছে। দুয়ো জোৱানক হস্পিতালত ভৰ্তি কৰা হৈছে। শনিবাৰে চিআৰপিএফে ৰাজপথেৰে পহৰা দি গৈ থকাৰ সময়তে আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে। মত্তন জিলাৰ বুমুজ নামৰ এলেকাত সন্ত্ৰাসবাদীয়ে চিআৰপিএফৰ কনভয়ত আক্ৰমণ কৰে। নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত সংঘৰ্ষ অব্যাহত আছে।