গুৱাহাটীঃ অসমৰ অন্যতম ইংৰাজী ভাষাৰ প্ৰচলিত দৈনিক বাতৰি কাকত দ্য আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাক সোমবাৰে দেশৰ ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী বঁটাৰে সন্মান যাচে। দ্য আছাম ট্ৰিবিউন কাকতৰ হোতা তথা ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ প্ৰফুল্ল গোবিন্দ বৰুৱাক দেশৰ কেইবাগৰাকী বিখ্যাত লোকৰ সন্মুখত এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে।   

গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক বাতৰি কাকত দ্য আছাম ট্ৰিবিউন প্ৰফুল্ল গোবিন্দ বৰুৱাৰ নেতৃত্বতে বহু বছৰ পৰা চলি আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক প্ৰচলিত আৰু চৰ্চিত বাতৰি কাকত বুলি কোৱা হয় দ্য আছাম ট্ৰিবিউনক। ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে সাহিত্য, শিক্ষা, সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰফুল্ল গোবিন্দ বৰুৱাক পদ্মশ্ৰী বঁটা প্ৰদান কৰে। 

গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত দ্য আছাম ট্ৰিবিউন সমাজত আগবঢ়োৱা সেৱাৰ বাবে কাকতখনৰ অন্যতম হোতা পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাক ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে পদ্মশ্ৰী সন্মান প্ৰদান কৰে৷ সোমবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানটোত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষা সুমিত্ৰা মহাজন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত অসমৰ সন্তানগৰাকীক এই সন্মান প্ৰদান কৰা হয়৷ 

একেটা অনুষ্ঠানতে ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী বিলিয়াৰ্ড চেম্পিয়ন পংকজ আদৱানি, ৱেইটলিফটাৰ ছাইখম মীৰাবাই চনু, এছিয়ান গেমছত সোণৰ পদক বিজয়ী টেনিছ খেলুৱৈ সোমদেৱ দেৱবাৰ্মাক পদ্মশ্ৰী সন্মান ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰে। 

আনহাতে, বিশিষ্ট অভিনেতা মনোজ যোশী, কুষ্ঠৰোগ নিৰ্মূলৰ বাবে কাম কৰি থকা দাছমোদৰ গনেশ বাপাট, মণিপুৰৰ শিপিনী এল ছুবাদানি দেৱী, কৰ্ণাটকৰ ছুফি ভজন গায়ক ইব্ৰাহিম নবীচাহেব ছুটাৰ, বন্যপ্ৰাণী সংৰক্ষক ৰমুলুছ হুইটাকাৰ আৰু মিজোৰামৰ শিক্ষাবিদ এ জাকিয়াক পদ্মশ্ৰী সন্মান যচা হয়।