newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ নিশাটো সমগ্ৰ বিশ্ববাসীৰ বাবে এটা বিশেষ নিশা হৈ ৰল। নিশা আকাশত প্ৰত্যক্ষ কৰিলে বিলৰ দৃশ্য৷ একেলগে তিনিটাকৈ বিৰল মহাজাগতিক পৰিঘটনা প্ৰত্যক্ষ কৰিলে সমগ্ৰ বিশ্বই। ভাৰতৰ অমৃতসৰ, কেৰেলা, তিৰুৱন্তপুৰুম, বাৰানসী, জয়পুৰ সুন্দৰকৈ দেখা পালে শতাব্দীৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰগ্ৰহণ দৃশ্য৷ যি ঘটনা প্ৰত্যক্ষ কৰিবলৈ উদগ্ৰীৱ হৈ আছিল বিশ্ববাসী। 

শুকুৰবাৰৰ মাজনিশাৰ পৰা এই শতিকাৰ আটাইতকৈ দীঘল পূৰ্ণাগ্ৰাস চন্দ্ৰগ্ৰহণ হয়। পৃথিৱীৰ নিচেই ওচৰ চাপে মংগলগ্ৰহ আৰু আকাশত সমানে দেখা পোৱা যায় উল্কাবৃষ্ট। পৃথিৱীৰ পৰা দূৰত্বত অৱস্থান কৰে চন্দ্ৰই।

এক বিৰল মহাজাগতিক পৰিঘটনা হিচাপে পৰিচিত শতাব্দীৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰে আকাশত। জোনটো নীলাৰ পৰা তেজ-ৰঙী হৈ উঠে।

অসম, উত্তৰ-পূৰ্বাঞ্চলবাসীয়েও প্ৰত্যক্ষ কৰিলে এই দৃশ্য। বিশেষকৈ গুৱাহাটীত দেখা পোৱা যায় এই দৃশ্য ৷ একবিংশ শতিকাৰ দীৰ্ঘতম পূৰ্ণ চন্দ্ৰ গ্ৰহণ নিশা প্ৰত্যক্ষ কৰিবলৈ ভাৰতৰ বহু চহৰত মানুহৰ ওলাই অহা দেখা যায়৷ বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ লগতে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰাও এই চন্দ্ৰৰ পূৰ্ণগ্ৰাস পৰ্যবেক্ষণ কৰে৷ 

ভাৰতীয় সময়ানুসৰি নিশা ১১.৫৪ মিনিটত গ্ৰহণ আৰম্ভ হয়৷ ইফালে, মাজ নিশা ১.৫২ বজাত পূৰ্ণ গ্ৰহণ হ’ব৷ এই গ্ৰহণ পুৱা ৪ বজালৈকে পৰ্যবেক্ষণ কৰিব পৰা যাব৷