newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান বুধবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। পুৱাৰে পৰা ভোটাৰে ঘৰৰ পৰা ওলাই আহি ভোট দিবৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হৈছে। তাৰ মাজতে আহিছে এটা বিশেষ খবৰ। নিৰ্বাচন সম্পৰ্কীয় খবৰ প্ৰচাৰ কৰাত নিউজ চেনেলক নিষেধ জাৰি কৰে সংশ্লিষ্ট কৰ্তৃপক্ষই।

Pakistan Electronic Media Regulatory Authority-এ ব্যক্তিগত নিউজ চেনেলক নিৰ্বাচন সম্বন্ধীয় কোনো বিষয়বস্তু প্ৰচাৰ নকৰিবলৈ নিষেধ জাৰি কৰে। নিৰ্বাচনৰ ভোটদান চলি থকাৰ মাজতে নিষেধ জাৰি কৰে।