newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আৱদ্ধ আছিল চিংগাপুৰ অভিমুখে৷ কিয়নো চিংগাপুৰত মিলিত হ’ব বিশ্বৰ দুগৰাকী প্ৰভাৱশালী নেতা৷ দুজন নেতা মিলিত হ’ব সেয়াই এক খবৰ সমগ্ৰ বিশ্বৰ বাবে৷

বিশ্বৰ বহু নেতা মিলিত হয় যদিও এই দুই নেতাৰ সাক্ষাৎ এক বিশেষ সাক্ষাৎ হৈ ৰ’ব৷ যোৱা দেওবাৰে দুপৰীয়া উত্তৰ কোৰিয়াৰ বাদশ্বাহ কিম-জং-উন আহিছিল চিংগাপুৰলৈ৷ এয়াৰ চাইনাৰ ৭৪৭ নম্বৰৰ বিমানেৰে চিংগাপুৰলৈ আহে কিম৷ শত্ৰুৰ পৰা বন্ধু হ’ব খোজা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু কিমে দুদিন পিছত চিংগাপুৰত এক ঐতিহাসিক মুহূৰ্তত মিলিত হয়৷ 

দুই নেতাই দুয়োদেশৰ মাজত কেইবাটাও বিষয়ত চুক্তি স্বাক্ষৰ কৰে৷ কিম-জিং উনে আমি এতিয়া আৰু ভৱিষ্যতৰ পৰিৱৰ্তন বিচাৰিছোঁ৷ আমি আকৌ লগ হ’ম৷ আমি বাৰে বাৰে লগ হ’ম বুলি কয়৷ আনহাতে ট্ৰাম্পে হোৱাইট হাউচলৈ আমন্ত্ৰণ জনায় কিমক৷

দুয়ো নেতাই শান্তিৰ বাবে আলোচনাত মিলিত হ’য়৷ খবৰ মতে দেওবাৰে পুৱাই প্ৰথমে আন এখন বিমানেৰে কিম-জং-উন চীনৰ ৰাজধানীলৈ যায়৷ তাৰ পিছত বিমান সলনি কৰি চিংগাপুৰলৈ আহে৷ কানাডত অনুষ্ঠিত জি-৭ সন্মিলনত উপস্থিত থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কিম-জং-উনক সাক্ষাৎ কৰিবলৈ আহে চিংগাপুৰলৈ৷

সকলো জল্পনা-কল্পনাৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে মঙলবাৰে মুখামুখী হ’য়৷ আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইয়াৰ পূৰ্বে যোৱা অহা ১২ জুনত চিংগাপুৰত কিম-জং-উনক সাক্ষাৎ কৰাৰ কথা আছিল যদিও বাতিল কৰিছিল আমেৰিকাই৷

পৰমাণু, বেলিষ্টিক মিছাইল উৎক্ষেপন আদি বিষয় সন্দৰ্ভত আলোচনা হ’য় দুয়োনেতাৰ মাজত৷ ইতিমধ্যে ট্ৰাম্পে আলোচনাৰে সমস্যা সমাধান কৰাৰ বাবে এয়া অন্তিম সুবিধা লাভ কৰা বুলি কয় উত্তৰ কোৰিয়াক৷  

পৰমাণু অস্ত্ৰনিৰ্মাণ সংযুক্ত পৰিষদে প্ৰতিবন্ধকতা লগায় উত্তৰ কোৰিয়াক৷ আমেৰিকাই পৰমাণু পৰীক্ষণ নকৰিবলৈ বাৰে বাৰে কৈ আহিছে উত্তৰ কোৰিয়াক৷

দুয়োদেশৰ মাজত প্ৰায় এটা বছৰ পৰমাণু পৰীক্ষণক লৈ উত্তেজনাৰ লগতে বাকযুদ্ধ হৈ আছে৷ সমগ্ৰ বিশ্বই দুয়োদেশৰ মাজত যুদ্ধ হ’ব বুলি আশংকা পৰ্যন্ত কৰিছিল৷ আমেৰিকাৰ বাধা সত্বেও উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম-জং-উনে পৰমাণু পৰীক্ষণ কৰি গৈছে৷ আশংকা কৰা মতে, দুয়ো দেশৰ মুৰব্বীৰ মাজত পৰমাণু পৰীক্ষা সম্পৰ্কত আলোচনা হ’ব পাৰে৷  

উত্তৰ কোৰিয়াই তিনি মাৰ্কিন গুপ্তচৰ বন্দীক বুধবাৰে মুকলি কিৰ দিছিল কিছুদিন পূৰ্বে৷ তাৰ পাছতে বৰফ গলে ট্ৰাম্প আৰু কিমৰ মাজৰ সম্পৰ্কৰ৷ ট্ৰাম্পে টুইট কৰি অৱগত কৰিছিল কিম-জং উনক সাক্ষাতৰ কথা৷  

উল্লেখ্য যে, ডনাল্ড ট্ৰাম্পক হুংকাৰৰ পিছত হুংকাৰ দি আহিছিল কিম-জং-উনে। ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইলৰ সফল উৎক্ষেপণ কৰি আমেৰিকাক উদ্দেশ্যি হুংকাৰ প্ৰদান কৰি আহিছিল উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে উত্তৰ কোৰিয়াক লক্ষ্য কৰি যুদ্ধ কৰিম বুলিও কৈছিল৷