newsnextone.com | ডিজিটেল ডেস্কঃ সম্রাট চাহজাহানৰ পত্নী মমতাজক প্রতি থকা ভালপোৱাৰ এক অপূর্ব নিদর্শন হৈছে তাজমহল। বিশ্বৰ সপ্তম আশ্চৰ্য ভাৰতৰ তাজমহলৰ সংৰক্ষণক লৈ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰা অন্তত উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে তাজমহলক সংৰক্ষণ কৰাৰ বাবে আঁচনি সাজু কৰিছে।

উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে আঁচনি যুগুত কৰি খচৰা আদালতত দাখিল কৰে মঙলবাৰে। তাজমহলক কেনেদৰে সংৰক্ষণ কৰা হ'ব আৰু কেনেদৰে আতি আটক ধুনীয়া কৰিব পৰা যাব তাৰ বাবে আঁচনি যুগুত কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰক সতৰ্ক কৰি যদি চৰকাৰে তাজমহলৰ সংৰক্ষণ কৰিব নোৱাৰে, তেন্তে তাজমহল ধ্বংস কৰি পেলাওক বুলি কৈছিল৷ তাজ মহলৰ তদাৰকৰ বাবে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত এনেদৰে কৈছিল আদালতে৷

তাজমহলৰ উচিত তদাৰকৰ বাবে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে কয় যে, তাজমহল আইফেল টাৱাৰতকৈও অধিক সুন্দৰ আৰু ইয়াৰ দ্বাৰা আমি বিদেশী মুদ্ৰাৰ অসুবিধাও দূৰ কৰিব পাৰো৷ উল্লেখ্য যে, য়েই সময়ত ন্যায়াধীশে আইফেলৰ তুলনা এটা টিভি টাৱাৰৰ সৈতে কৰে৷

এনডিটিভিৰ বাতৰি অনুসৰি, উচ্চতম আদালতৰ ন্যায়াধীশে কয় যে, প্ৰত্যেক বছৰে প্ৰায় ৮০ মিলিয়ন লোকে এটা টিভি টাৱাৰৰ দৰে দেখিবলৈ লগা আইফেল টাৱাৰ চাবলৈ যায়৷ কিন্তু তাজ মহল তাতকৈ অনেক বেছি সুন্দৰ৷ যদি চৰকাৰে তাৰ চোৱা-চিতাৰ দায়িত্ব ভালকৈ কৰিলেহেঁতেন, তেন্তে ভাৰতৰ পৰা বিদেশী মুদ্ৰাৰ সমস্যা দূৰ হ’লহেঁতেন৷

ন্যায়াধীশে উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ উদ্দেশ্যি কয়, ‘কেৱল এটা স্মাৰকে দেশৰ সমস্যা সমূহৰ সমাধান কৰিব পাৰে৷ কিন্তু আপোনালোকৰ উদাসীনতাৰ কাৰণে দেশৰ হৈ থকা ক্ষতিৰ বিষয়ে আপোনালোক অৱগত নহয় নেকি? দেশত বহু কেইটা স্মাৰক আছে৷ ভালকৈ তদাৰক কৰাটো আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্য৷’

ইফালে, আদালতে উত্তৰ প্ৰদেশৰ চৰকাৰে তাজমহলৰ সংৰক্ষণৰ বাবে আঁচনিৰ খচৰা আদালতত দাখিল কৰিব নোৱাৰাত অসন্তুষ্ট হৈ পৰিছিল। তাৰ পিছতে আদালতে তাজ মহলৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কি কি কৰিছে তাৰ খাতিয়ান বিচাৰি প্ৰশ্ন কৰিছিল৷