newsnextone.com | ডিজিটেল ডেস্কঃ দুটা বছৰ জেলত কটাব লাগিব পেটেল নেতা হাৰ্দিক পেটেল। গুজৰাটত পেটেলৰ সংৰক্ষণ দাবীত কৰা আন্দোলনৰ সময়ত বিজেপি বিধায়ক ঋষিকেষ পাটিলৰ কাৰ্যালয়ত আক্ৰমণ কৰা ঘটনাৰ গোচৰত হাৰ্দিকক দোষী সাব্যস্ত কৰে আদালতে। দোষী সাব্যস্ত কৰাৰ লগে লগে আদালতে ২ বছৰৰ কাৰাদণ্ড ঘোষণা কৰে আদালতে। ইয়াৰ লগে লগে হাৰ্দিকৰ এগৰাকী সহযোগীকোঁ কাৰাদণ্ড ঘোষণা কৰে। 

মেহচাণা হিংসা কাণ্ড নামেৰে জনাজাত এই কাণ্ডৰ গোচৰ চিলিছিল গুজৰাটৰ বিচনগৰ আদালতত। এই ঘটনাত হাৰ্দিকৰ লগতে মুঠ তিনিজন লোকক দোষী সাব্যস্ত কৰা হয়। এই গোচৰৰ আন ১৪ গৰাকী নিৰ্দোষী ঘোষণা কৰা হয়। ২০১৫ চনৰ ২৩ জুলাইত সংঘটিত হৈছিল এই কাণ্ড। বিজেপি বিধায়কৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে  সামগ্ৰী লণ্ড-ভণ্ড কৰিছিল পাটীদাৰ আন্দোলনকাৰীয়ে।